কিয় আত্মহত্যা কৰিলে এহাল দম্পতিয়ে, ৰহস্য ফাদিল…

কিয় আত্মহত্যা কৰিলে এহাল দম্পতিয়ে, ৰহস্য ফাদিল…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল ডেস্ক: এহাল দম্পতিৰ আত্মহত্যাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছিল চাঞ্চল্যৰ।দক্ষিণ কামৰূপৰ পলাশবাৰী থানাৰ অন্তৰ্গত উপৰহালিত যোৱা ১৪মাৰ্চৰ দুপৰীয়া টিংকু মণি দাস আৰু তেওঁৰ পত্নীয়ে একেলগে চিপলৈ আত্মহত্যা কৰিছিল।

Advertisment

আত্মহত্যাৰ পূৰ্বে দম্পতি হালে ভিডিঅ ৰেকৰ্ডিঙৰ জৰিয়তে স্বীকাৰোক্তি দি গৈছিল।এই ভিডিঅ ৰেকৰ্ডিঙৰ বাবেই আত্মহত্যাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিল।

অভিযোগ অনুসৰি আত্মহত্যা কৰা মহিলা গৰাকীৰ জা হীৰণ কলিতা দাসে প্ৰলোভন দেখুৱাই মিৰ্জাৰ অভিজাত হোটেললৈ নি অক্ষয় দাস আৰু চেহেৰ আলি নামৰ দুই যুৱকৰ হতুৱাই ধৰ্ষণ কৰাইছিল।এই ঘটনা স্বামী টিংক দাসে অৱগত হোৱাৰ পিছত দুয়ো চৰম পন্থাৰ পথ বাছি লয়।

এতিয়া তিনি অভিযুক্ত হীৰণ কলিতা দাস,চেহেৰ আলি আৰু অক্ষয় দাস ৰঙা ঘৰৰ আলহী।এতিয়া ৰাজ্যত সঘনাই সংঘটিত হৈ অহা ব্লকমেইলিং আৰু ধৰ্ষণৰ দৰে ঘটনা পলাশবাৰীতো হোৱাৰ পিছত অপৰাধীয়ে কি শাস্তি ভোগ কৰে সেয়েহে লক্ষণীয় হ'ব।

assam suicide case