/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/b066eea1-5e1a-4631-91d2-e16049814427/145.jpg)
ডিজিটেল সংবাদ,ৰঙিয়া : ৰঙিয়াত শ্ৰীমন্ত শংকৰদেৱ সত্ৰ(বৰপেটা সত্ৰৰ শাখা সত্ৰ)ত দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে পালনাম অনুষ্ঠিত কৰা হয় । শান্তিপুৰস্থিত নামঘৰ প্ৰাংগনত কাৰ্যসূচী অনুসৰি পুৱা ৫-০০ বজাত সত্ৰৰ নামঘৰীয়া গোপেশ পাঠকৰ জাগৰণৰ গীত পৰিৱেশনেৰে অনুষ্ঠানৰ আৰম্ভ হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/3dbd1313-15f6-475b-a11c-7002891cb8c0/0b1e4c9d_6249_4685_bcd8_5692dfe3973a.jpg)
ইয়াৰ পাছত পুৱা ৭-০০ বজাত আইসকলৰ নাম প্ৰসংগ, নিত্য প্ৰসংগ পাঠ কৰে সত্ৰৰ নামাচাৰ্য্য উমেশ মহন্তই। ইয়াৰ পিছতে ভাগৱত পাঠ কৰে বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াৰ পাঠক গৌতম পাঠকে ।
আনহাতে পুৱা ৯-৩০ বজাত বৰপেটা সত্ৰৰ পাঠক গুণীন্দ্ৰ নাথ ওজাই পালনাম আৰম্ভ কৰে । ইফালে পালনামত প্ৰাক্তন ভাৰতীয় সেনাৰ জিওচি চীফ ৰাণাপ্ৰতাপ কলিতাৰ উপৰিও প্ৰায় ৮০০ৰো অধিক আইমাতৃ,ভকত,সেৱক উপস্থিত থাকে।
দিনৰ ১২-৩০ বজাত আশীৰ্বাদ গ্ৰহণ আৰু প্ৰসাদ বিতৰণ কাৰ্যসূচী সম্পন্ন কৰা হয়। ইয়াৰোপৰি সিদ্ধ অন্নগ্ৰহণৰ পিছত দিনৰ ২-০০ বজাত ভকত বিদায়েৰে পালনামৰ সামৰণি পৰে ।
Also Read: নিজ হাতীচোং দীঘলীপাৰত ৰঙালী বিহুৰ আয়োজন