মুকলি হ’ব ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, পলাশবাৰীত কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ…

মুকলি হ’ব ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, পলাশবাৰীত কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ…

author-image
asomiyapratidin
New Update
মুকলি হ’ব ১০০০ আদৰ্শ অংগনবাড়ী কেন্দ্ৰ, পলাশবাৰীত কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী অজন্তা নেওগৰ…

ডিজিটেল ডেস্ক : ৰাজ্য চৰকাৰৰ "সোণালী শৈশৱ বিকশিত অসম" আঁচনিৰ জৰিয়তে দেশৰ ভিতৰতে প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগে 'চৰকাৰৰ নিজা অগ্ৰাধিকাৰ উন্নয়ন (SOPD) পুঁজি'ৰে সমগ্ৰ ৰাজ্যত এহেজাৰ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ কৰিছে।

Advertisment

আদর্শ অংগনবাড়ী কেন্দ্রই প্রতি ২৫ লাখ টকাকৈ ব্যয় সাপেক্ষে সুন্দৰ আন্তঃগাঁথনিৰে আদর্শ অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰা অসমেই হৈছে দেশৰ ভিতৰত প্ৰথমখন ৰাজ্য। ইতিমধ্যে নির্মাণ সমাপ্ত হোৱা এহেজাৰ অংগনবাড়ী কেন্দ্ৰ অহা ১৪ আগষ্টত আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব।

এই উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ ল'বলৈ বৃহস্পতিবাৰে বিভাগীয় মন্ত্ৰী অজন্তা নেওগে ভিডিঅ কনফাৰেন্সযোগে ৰাজ্যৰ প্ৰতিখন জিলাৰ অতিৰিক্ত উপায়ুক্ত (মহিলা আৰু শিশু বিকাশ) আৰু জিলা মহিলা আৰু শিশু বিকাশ বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে বিষয়াসকলক উদ্বোধনী অনুষ্ঠান সুচাৰুৰূপে আৰু শৃংখলিতভাৱে, স্থানীয় ৰাইজৰ লগতে জনপ্রতিনিধিসকলৰ অংশগ্রহণ সুনিশ্চিত কৰি ৰূপায়ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪ আগষ্টত কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৰঙৰাত নৱনিৰ্মিত আদর্শ অংগনবাড়ী কেন্দ্রটো মুকলি কৰিব।

সেই একেদিনাই বিভাগীয় মন্ত্রী অজন্তা নেওগে যোৰহাট জিলাত মন্ত্রী ৰঞ্জিত কুমাৰ দাসে বঙাইগাঁৱত, মন্ত্রী নন্দিতা গালোছাই বৰপেটাত, মন্ত্ৰী উত্থাও গৌড়া ব্ৰহ্মই বিশ্বনাথত, মন্ত্ৰী পৰিৰ্মল শুক্লবৈদ্যই কাছাৰত, মন্ত্ৰী সঞ্জয় কিষাণে দৰঙত, মন্ত্ৰী ৰগোজ পেগুৱে ধুবুৰীত, মন্ত্ৰী অতুল বৰাই ডিব্ৰুগড়ত, মন্ত্রী কেশৱ মহন্তই গোলাঘাটত, মন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ মহানগৰত, মন্ত্রী যোগেন মহনে লক্ষীমপুৰত, মন্ত্ৰী পিযুষ হাজৰিকাই নগাঁৱত, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীত, মন্ত্ৰী বিমল বৰাই শিৱসাগৰত আৰু মন্ত্ৰী অশোক সিংঘালে শোণিতপুৰত এই নৱনিৰ্মিত আদর্শ অংগনবাড়ী কেন্দ্রসমূহ আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

ইফালে বৃহস্পতিবাৰে মহিলা আৰু শিশু বিকাশ মন্ত্রী অজন্তা নেওগে মুখ্যমন্ত্ৰীয়ে ১৪ আগষ্টত উদ্বোধন কৰিবলগীয়া কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙৰাত নির্মাণ সমাপ্ত হোৱা আদৰ্শ অংগনবাড়ী কেন্দ্ৰটোত উপস্থিত হৈ শুভ উদ্বোধনী কাৰ্যসূচীৰ প্ৰস্তুতিৰ বুজ লয়।

আৰু পঢ়ক : ভোটাৰক ভোটাৰ কাৰ্ডৰ সৈতে আধাৰ নম্বৰ সংযোগ কৰিবলৈ আহ্বান…

assam himanta biswa sarma bjp ajanta neog