'এনাজৰী'ৰ উদ্যোগত সদৌ অসম ভিত্তিত চিত্ৰাঙ্কণ আৰু কবিতা প্ৰতিযোগিতা

শ্রেষ্ঠ ১০খন চিত্ৰক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব

author-image
Asomiya Pratidin
New Update
'এনাজৰী'ৰ উদ্যোগত সদৌ অসম ভিত্তিত চিত্ৰাঙ্কণ আৰু কবিতা প্ৰতিযোগিতা

ডিজিটেল ডেস্কঃ উত্তৰ-পূৰ্বাঞ্চলৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা এনাজৰীয়ে বিগত বৰ্ষৰ দৰে এইবাৰো অনুষ্ঠিত কৰিছে সদৌ অসম ভিত্তিত চিত্রাঙ্কণ আৰু কবিতা প্রতিযোগিতা। চিত্রাঙ্কণ প্রতিযোগিতাৰ বিষয় ‘ঋতু আহে ঋতু যায়'।

Advertisment

আয়োজক সমিতিয়ে জনোৱা অনুসৰি দশম শ্রেণী পর্যন্ত অধ্যয়নৰত ছাত্র-ছাত্ৰীয়ে হোৱাটছ এপযোগে অহা ৩০ মে'ৰ ভিতৰত চিত্ৰসমূহ প্ৰেৰণ কৰিব পাৰিব। চিত্ৰসমূহত নাম, ঠিকনা, ফোন নম্বৰ সংলগ্ন কৰি ৯৮৬৪১ ১৩৩৭৮, ৯১০১২৪৭১৩৫, ৯৮৫৯১ ২৫৩০০,৮৪৭২৯৯২৫৬৫,আৰু ৮৩৬৯১৫৪১৪৩ নম্বৰত প্ৰেৰণ কৰিবলৈ উদ্যোক্তাসকলে আহ্বান জনায়।

জানিবলৈ দিয়া মতে শ্রেষ্ঠ ১০খন চিত্ৰক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। ইপিনে সকলো বয়সৰ প্ৰতিযোগিৰ বাবে মুকলি থাকিব কবিতা প্রতিযোগিতা।

ইচ্ছুক প্রতিযোগীয়ে অহা ৩০ মে'ৰ ভিতৰত কবিতা সমূহ নাম, ঠিকনা আৰু ফোন নম্বৰ সংলগ্ন কৰি এনজৰীৰ কাৰ্যালয়লৈ দ্রুত ডাক যোগে অথবা ডিটিপি কৰি পিডিএফ ফৰমেটত উল্লিখিত নম্বৰসমূহত হোৱাট্‌ছএপ যোগে প্ৰেৰণ কৰিবলৈ আহ্বান জনাইছে।

প্রতিযোগীসকলে কবিতাসমূহ এনজাৰী, মাফ‍ - অলশেক ৰঞ্জন ভট্টাচার্য, দ্বাৰকা নগৰ, উদয়ন পথ, প্রান্তিক পথ, গৃহ নং-৫৬, ডাক- খানাপাৰা, পিন-৭৮১০২২, জিলা - কামৰূপ (ম), ঠিকনালৈয়ো প্ৰেৰণ কৰিব পাৰিব। শ্রেষ্ঠ তিনিগৰাকী প্রতিযোগীক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰেক্ষাগৃহত পুৰস্কৃত কৰা হ'ব বুলি আজি এটা বিবৃতি যোগে এনাজৰীৰ সাধাৰণ সম্পাদক অলকেশ ৰঞ্জন ভট্টাচার্যই জনায়।

Also Read: গোলাঘাটত সতী ৰাধিকাক স্মৰণ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

poetry competition