গোলাঘাটত সতী ৰাধিকাক স্মৰণ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

শুকুৰবাৰে অনুষ্ঠিত "সতী ৰাধিকা স্মৃতি দিৱস"ত শ্ৰদ্ধাৰে স্মৰণ কৰে সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই

author-image
Asomiya Pratidin
New Update
গোলাঘাটত সতী ৰাধিকাক স্মৰণ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ

ডিজিটেল সংবাদ,গোলাঘাট : অসমীয়া নাৰীৰ নিষ্ঠা, সততা,ধৈৰ্য,শান্তি আৰু সাহসৰ প্ৰতীক সতী ৰাধিকা। শুকুৰবাৰে অনুষ্ঠিত "সতী ৰাধিকা স্মৃতি দিৱস"ত শ্ৰদ্ধাৰে স্মৰণ কৰে সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই।

জগতগুৰু শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ স্বীকৃত মহাসতী তথা কৈৱৰ্ত বংশধৰ এই মহীয়সী নাৰী গৰাকীৰ অম্লান নিদৰ্শন আৰু মহাপুৰুষ গুৰুজনাৰ আৰ্দশেৰে অনুপ্ৰাণিত হৈ অস্পৃশ্যতা দূৰ কৰি বৃহত্তৰ অসমীয়া সমাজখনক সৰ্বাঙ্গসুন্দৰ ৰূপে গঢ়াৰ সংকল্প গ্ৰহণ কৰে আজিৰ এই পবিত্ৰ দিনটোত সন্থাৰ সদস্য সকলে। এই উপলক্ষে সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কাৰ্যালয়ত সন্ধিয়া ৫ বজাত সতী ৰাধিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে ।

বন্তি প্ৰজ্বলন কৰে জিলা সমিতিৰ মুখ্য উপদেষ্টা বিশ্বেশ্বৰ দাসে। কাৰ্যসূচীৰ আঁত ধৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰ প্ৰসাদ দাসে ।

কাৰ্যসূচীত জিলা সমিতিৰ অন্যতম উপদেষ্টা প্ৰহ্লাদ দাস, চন্দন জ্যোতি দাসৰ লগতে জিলা সমিতিৰ অন্যান্য বিষয়-ববীয়াসকল উপস্থিত থাকে।

Also Read: ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী চিত্রশিল্পী প্রমোদ চন্দ্ৰ ৰয়ৰ মৃত্যু

remember sati radhika