জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ

শুকুৰবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া চাইকেল বিতৰণ কৰে।

author-image
Asomiya Pratidin
New Update
জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ বিধায়ক পদ্ম হাজৰিকাৰ

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাই বিলস্থিত উত্তৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালযৰ শিক্ষাৰ্থীৰ মাজত শুকুৰবাৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অসম চৰকাৰৰ তৰফৰ পৰা আগবঢ়োৱা বিনামূলীয়া চাইকেল বিতৰণ কৰে। চাইকেল বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰি বিধায়ক গৰাকীয়ে কয়, ছাত্ৰ-ছাত্ৰীৰ কল্যাণৰ বাবে অসম চৰকাৰে প্ৰত্যেকখন বিদ্যালয়ত প্ৰদান কৰা চাইকেলসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল নিশ্চিত ভাবেই উপকৃত হৈছে ।

Advertisment

দুখীয়া ছাত্ৰ- ছাত্ৰী সকলে এই ক্ষেত্ৰত বাৰুকৈ উপকৃত হৈছে গতিকে অধ্যয়নত মনোনিবেশ কৰি নিজকে দেশৰ সু নাগৰিক হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনায় । বিধায়ক পদ্ম হাজৰিকাই বিদ্যালয় খনৰ বিভিন্ন সমস্যাৰ বুজ লৈ সমস্যা সমূহ শীঘ্ৰে সমাধান কৰিব বুলি মন্তব্য কৰে । বিদ্যালয়ত এটি সুন্দৰ চাইকেল ষ্টেণ্ড নিৰ্মাণ কৰিবৰ বাবে এটি আৰ্থিক অনুদান ঘোষণা কৰে বিধায়ক গৰাকীয়ে ।

Also Read: ভগৱান কৃষ্ণই আশীৰ্বাদ কৰিলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়ামঃ কংগনা