অভিনেতাৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা

অভিনেতাৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ ৰাজনীতিৰ পথাৰত নহয় এইবাৰ নাটকৰ মঞ্চত দেখা পোৱা গ'ল বিধায়ক পদ্ম হাজৰিকাক।বলিষ্ঠ অভিনয়ৰে মঞ্চ কপালে নদুৱাৰ সমষ্টিৰ বিধায়ক গৰাকীয়ে।

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাঁপুজী ভৱণত দেওবাৰে সন্ধিয়া বাপুজী ভৱণ নাট্য সমাজৰ উদ্যোগত সুদক্ষ পৰিচালক নাট্যকাৰ পংকজজ্যোতি ভূঞা আৰু ভৱানী ভূঞাৰ পৰিচালনাত মঞ্চস্থ কৰা নটসূৰ্য্য ফণী শৰ্মা ৰচিত কালজয়ী নাটক "ভোগজৰা' ৰ মুখ্য চৰিত্ৰ লক্ষী সিংহৰ চৰিত্ৰত অভিনয় কৰিলে বিধায়ক গৰাকীয়ে।মঞ্চত পোহৰৰ লুকাভাকুৰ মাজতে এটা সময়ত ব্ৰজকন্ঠেৰে লক্ষী সিংহৰূপী পদ্ম হাজৰিকাই চিঞৰি উঠিল - ’ৰংকলি,মোৰ ভোগজৰাত কোনে চুনৰ আঁক দিলে’ এগৰাকী পেচাদাৰী অভিনেতাৰ দৰেই বলিষ্ঠ অভিনয় কৰি গ'ল বিধায়ক পদ্ম হাজৰিকাই।

এটাৰ পাছত এটাকৈ সাৱলীল সংলাপে মন্ত্ৰমুগ্ধ কৰিলে বাপুজী ভৱণত উপস্থিত থকা কেইবা শতাধিক দৰ্শকক। বিধায়ক গৰাকীৰ অভিনয় প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিল নাটক খন শুভ উদ্বোধন কৰা অসমীয়া চলচিত্ৰ জগতৰ যশস্বী অভিনেত্ৰী মৃদুলা বৰুৱাও

।২০বছৰৰ পাছত জামুগুৰিহাটৰ এই বাপুজী ভৱণতে পুনৰ বাৰ একেখন নাটকত অভিনয় কৰিবলৈ পাই অতিকৈ সুখী আৰু আনন্দিত হোৱা বুলিও মন্তব্য কৰিলে বিধায়ক পদ্ম হাজৰিকাই।উল্লেখ্য যে নাটকখন উপভোগ কৰাৰ ক্ষেত্ৰত দৰ্শকে দেখুৱা অভূতপূৰ্ব সঁহাৰিৰ বাবে কালি বাঁপুজী ভৱন নাট্য সমাজে নিশা দুটাকৈ দৰ্শনীৰে “ভোগজৰা” নাটক খন মঞ্চস্থ কৰি দেখুৱাবলৈ বাধ্য হয়।

অভিনেতাৰ ৰূপত বিধায়ক পদ্ম হাজৰিকা
মহানগৰীত যুৱতীক অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ, বিলাসী বাহনেৰে মহটিয়াই নিলে যুৱকক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in