/asomiyapratidin/media/media_files/2025/01/25/bFis5B9uueJZXIIiJ554.png)
ডিজিটেল ডেস্কঃ নৃত্যাচাৰ্য যতীন গোস্বামীলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আগবঢ়াইছে দেশৰ তৃতীয় অসামৰিক তথা দ্বিতীয় স্থানৰ পদ্ম সন্মান 'পদ্ম ভূষণ'। এইবাৰ দেশৰ মুঠ ১৯ গৰাকী বিশিষ্ট নাগৰিকলৈ আগবঢ়োৱা হৈছে পদ্ম ভূষণ সন্মান।
আনহাতে স্বাস্থ্য, শিল্প, সাহিত্য, শিক্ষা, বাণিজ্য আদি ক্ষেত্ৰলৈ বিশিষ্ট বৰিঙণি আগবঢ়োৱা ৭ গৰাকী নাগৰিকলৈ আগবঢ়োৱা গৈছে পদ্ম বিভূষণ বঁটা।
এইবাৰ অসমৰ মুঠ চাৰিজনে লাভ কৰিছে পদ্মশ্ৰী সন্মান। সাহিত্য আৰু শিক্ষা ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে অনিল কুমাৰ বড়ো, গীতা উপাধ্যায় আৰু লোক শিল্পলৈ আগবঢ়োৱা অৱদানৰ বাবে জয়নাচৰন বাথাৰীল আৰু ৰেৱকান্ত মহন্তলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান।
উল্লেখ্য যে, নৃত্যাচাৰ্য যতীন গোস্বামীয়ে সত্ৰীয়া নৃত্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে জীৱনজুৰি কাম কৰি আহিছে। সংগীত নাটক একাডেমীৰ সাধাৰণ পৰিষদৰ প্ৰাক্তন সদস্য গোস্বামীয়ে শিল্পী সংঘ নামৰ নৃত্য একাডেমী আৰু প্ৰাগজ্যোতি কলা পৰিষদ নামৰ সংস্কৃতিক সংস্থাৰ প্ৰতিষ্ঠা কৰিছিল।
সত্ৰীয়া নৃত্যলৈ আগবঢ়োৱা অৱদানৰ বাবেই তেওঁ ইতিমধ্যে ২০০৪ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে। ২০০৮ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল।
২০১৯ চনত সংগীত নাটক একাডেমীয়ে যতীন গোস্বামীক ২০১৮ চনৰ বাবে একাডেমীৰ সৰ্বোচ্চ সন্মান সংগীত নাটক একাডেমী ফেল'শ্বিপ বা সদস্য ৰত্ন প্ৰদান কৰিছিল। মহেশ্বৰ নেওগ আৰু ড০ ভূপেন হাজৰিকাৰ পাছত তেওঁ এই সন্মান লাভ কৰা তৃতীয়গৰাকী অসমীয়া হিচাপে বিবেচিত হৈছিল। এইবাৰ এইগৰাকী মহীৰূহক তেওঁ আগবঢ়োৱা অৱদানৰ বাবে দেশৰ ৰাষ্ট্ৰপতিয়ে পদ্ম ভূষণ সন্মানেৰে সন্মানিত কৰিছে।