মাজবাটৰ হাবিগাঁৱত ধান ক্ৰয় কেন্দ্ৰ মুকলি

মাজবাটৰ হাবিগাঁৱত ধান ক্ৰয় কেন্দ্ৰ মুকলি

author-image
Asomiya Pratidin
New Update
মাজবাটৰ হাবিগাঁৱত ধান ক্ৰয় কেন্দ্ৰ মুকলি

ডিজিটেল সংবাদ, ওৰাং: মাজবাট কৃষি বিভাগৰ উদ্যোগত অসম খাদ্য আৰু অসামৰিক যোগান নিগম পৰিসীমিতৰ অধীনত ধান ক্ৰয় কেন্দ্ৰৰ ২০২৩-২৪ বৰ্ষৰ হাবিগাওঁ, ওৰাং ধান ক্ৰয় কৃষি কেন্দ্ৰ শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰে পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ পাৰিষদ দীপক মৌৰে।

উল্লেখযোগ্য যে, বিভিন্ন অঞ্চলৰ কৃষক সকলে মধ্যভোগীৰ অবিহনে এই ধান ক্ৰয় কেন্দ্ৰত চৰকাৰী মূল্যত ধান বিক্ৰী কৰিব পাৰিব। আৰু এই ধান বিক্ৰী কৰাৰ বাবে কৃষক সকলে কৃষি উন্নয়ন বিষয়াৰ পৰা প্ৰমাণ পত্ৰ ল'ব লাগিব য'ত চৰকাৰী মূল্য ২১৮৩ টকা প্ৰতি কুন্টেলত কৃষকে লাভ কৰিব।

এই ধান ক্ৰয় কেন্দ্ৰৰ শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পাচনৈ চেৰফাং সমষ্টিৰ পাৰিষদ দীপক মৌৰ, মাজবাট কৃষি উন্নয়ন বিষয়া হিমাদ্রি গগৈ, ধান ক্ৰয় কেন্দ্ৰটোৰ পৰিচালক চোনন্দ বড়ো, সমাজ সেৱক মন্টু বসুমতাৰী, সমাজ সেৱক মোহন ভট্টৰায় আৰু কৃষি বিভাগৰ অনন্য বিষয়ববীয়াৰ লগতে কৰ্মচাৰীসকল।

Also Read: শিপা অবিহনে জীয়াই থাকিবনে জাতি ?

Paddy procurement center