পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে সাজু ৰাজ্য...

যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত ১১ মে’ত ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। 

author-image
Asomiya Pratidin
New Update
পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ বাবে সাজু ৰাজ্য...

ডিজিটেল ডেস্কঃ কাইলৈ ঘোষণা কৰা হ’ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল। যোৱা ২ আৰু ৭ মে’ত দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হৈ যোৱাৰ পাছত ১১ মে’ত ভোটগ্ৰহণৰ ফলাফল ঘোষণা কৰিবলৈ সাজু হৈছে ৰাজ্যিক নিৰ্বাচন আয়োগ। 

Advertisment

ইতিমধ্যে প্ৰতিখন জিলাতেই নিৰ্বাচনৰ ভোটগণনা সুকলমে অনুষ্ঠিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰিছে। সাজু হৈ উঠিছে প্ৰতিখন জিলাই। তাৰ মাজতেই এই ভোটগণনা প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছতাৰে সম্পন্ন কৰিবলৈ নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে বিৰোধীয়ে। 

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ


যোৱা ২ মে’ত ৰাজ্যৰ ১৪ খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমিত পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।

১৪ খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৭০.১৯ শতাংশ। ইয়াৰ ভিতৰত মাজুলী জিলাত সৰ্বাধিক ৮০.০২ শতাংশ আৰু শোণিতপুৰ জিলাত সৰ্বনিম্ন ৬১ শতাংশ ভোটদান হৈছিল।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ উজনি আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাৰ ২১৬টা জিলা পৰিষদীয় সমষ্টি, ৯৪খন আঞ্চলিক পঞ্চায়ত আৰু ১,১৩৯খন গাঁও পঞ্চায়তত অনুষ্ঠিত হয় ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰৰ সংখ্যা আছিল মুঠ ৮৯.৫৯ লাখৰো অধিক লোক।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ


দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলা হৈছে ক্ৰমে ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলা। 
দ্বিতীয় পৰ্যায়ৰ এই নিৰ্বাচনত ৯১.৩১ লাখৰো অধিক ভোটাৰ আছিল। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হোৱা ১৩ খন জিলাত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ সংখ্যা হৈছে ২৯,৬০৮ গৰাকী ।

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সমষ্টিসমূহৰ ভিতৰত জিলা পৰিষদৰ সমষ্টি আছে ১৮১ টা, আঞ্চলিক পৰিষদৰ সমষ্টি আছে ৮৭ টা আৰু আঞ্চলিক গাঁও পঞ্চায়তৰ সমষ্টি আছে ১০,৫৩০ টা । দ্বিতীয় পৰ্যায়ত ৫৬.৭১ শতাংশ ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। 

প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ২৯,৬০৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে জিলা পৰিষদৰ সদস্য প্ৰাৰ্থী ৪৯৫ গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য প্ৰাৰ্থী ২,৩৮৮ গৰাকী আৰু গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী ২৬,৭২৫ গৰাকী ।

আনহাতে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হোৱা প্ৰাৰ্থী সংখ্যা হৈছে ১,২৮৯ গৰাকী । বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাসকলৰ ভিতৰত ২১ জন জিলা পৰিষদৰ সদস্য, ১৫১ জন আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু ১,১১৭ জন গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য ৷

 

নিৰ্বাচন আয়োগ পঞ্চায়ত নিৰ্বাচন