/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/pabitraaa.jpg)
ডিজিটেল সংবাদ : দেশে কৃষ্ণৰ জন্ম উপলক্ষে আনন্দোৎসৱ উদযাপনৰ সময়তে সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদ্দেষ্টা, সাংস্কৃতিক সংগঠক পবিত্ৰ মাৰ্ঘেৰিটা আৰু শিল্পী গায়ত্ৰী মহন্ত মাৰ্ঘেৰিটাৰ পৰিয়াললৈও আহিছে ব্যক্তিগত বিশেষ আনন্দোল্লাস। হঠাতে ৰাজ্য সভাৰ সাংসদ ৰূপে নিৰ্বাচিত হোৱাৰ উপৰি একে সময়তে স্বয়ং মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদ্দেষ্টাৰ পদত নিযুক্তি লাভ কৰা মাৰ্ঘেৰিটাৰ পৰিয়ালৰ বাবেও যৌথভাৱে আহিছে বিশেষ আনন্দৰ খবৰ।
বিশেষ দিনৰ খবৰটো হ'ল লক্ষ্মীক লগত লৈ স্বয়ং কৃষ্ণই প্ৰৱেশ কৰাৰ দৰে তেওঁৰ পৰিয়াললৈ আহিছে দুটি যমজ সন্তান। ইয়াৰ এটি কন্যা আৰু আনটি পুত্ৰ। সন্তানৰ হিচাপেৰে নৱাগত দুই সন্তানক লৈ মাৰ্ঘেৰিটাৰ মুঠ সন্তানৰ সংখ্যা তৃতীয় হ'লেও তিনিওটিৰে নামকৰণো কৰা হৈছে বিশেষভাৱে।
ইতিমধ্যে অসম জাতীয় বিদ্যালয়ত ভৰি থোৱা প্ৰথমটি সন্তানৰ নাম থোৱা হৈছিল সূৰ্যাংগ জীউ। এইবাৰ নৱাগত কন্যা সন্তানটিৰ নাম সূৰ্যস্নাতা আৰু পুত্ৰ সন্তানটিৰ নাম সূৰ্যবীৰ ৰখা হৈছে। হয়তো সাংস্কৃতিক পৰিয়ালটোৰ আশা সূৰ্য আৰু কৃষ্ণৰ প্ৰকাশ তথা আলোকেৰে আলোকিত হওক সকলোৰে ভৱিষ্যত।
ৰাজনৈতিক মহলত এই লৈ আকৌ সৰৱ চৰ্চা। কিয়নো সুদীৰ্ঘ কালত অসমৰ কোনো ৰাজনৈতিক নেতাৰ পৰিয়াললৈ এনেদৰে যমজ সন্তান অহা নাই। দ্বিতীয়তে এক বিশেষ দিনত এই দুটি সন্তান যমজ ৰূপত অহাৰ কিছুদিন পূৰ্বে প্ৰায় একে সময়তে পবিত্ৰ মাৰ্ঘেৰিটাই দুটাকৈ গুৰুত্বপূৰ্ণ পদ লাভ কৰিছিল।
মাৰ্ঘেৰিটাই নিজেই প্ৰকাশ কৰা মতে বহুতে বোলে তেওঁক ফোনযোগে কৈছেও – "হেৰা, তোমাৰ দেখোন নদন-বদন অৱস্থা। ৰাজনৈতিক ক্ষেত্ৰতো ডাবোল পদ আৰু পাৰিবাৰিক জীৱনতো কন্যা-পুত্ৰসহ বিশেষ দিনত ডাবোল সন্তানৰ আগমণ। একেবাৰে লক্ষ্মী, বিষ্ণু সকলোৱে তোমাৰ ঘৰত থিতাপি লৈছে যেন পাও।" মাৰ্ঘেৰিটাৰ সৰল উত্তৰ – "সকলো ভগৱানৰ ইচ্ছা। মাতৃ-পুত্ৰ-কন্যাসহ পৰিয়ালটোৰ দৰেই সমাজখনলৈ সুখ, সমৃদ্ধি আৰু প্ৰশান্তিৰ আগমন ঘটক।"