হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতহে ৯খনলৈ বৃদ্ধি হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা : পবিত্ৰ মাৰ্ঘেৰিটা

অসমত এসময়ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়ৰ ঠাইত এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৯খনলৈ বৃদ্ধি হ'ল

author-image
Asomiya Pratidin
New Update
হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতহে ৯খনলৈ বৃদ্ধি হ'ল চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা : পবিত্ৰ মাৰ্ঘেৰিটা

pabitra margherita

ডিজিটেল সংবাদ, ধুবুৰী : অসমত এসময়ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়ৰ ঠাইত এতিয়া ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৯খনলৈ বৃদ্ধি হ'ল ৷ সোমবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় হৈছে অসমৰ নৱমখন চিকিৎসা মহাবিদ্যালয় ৷ এই কথা ব্যক্ত কৰে ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটাই ৷

Advertisment

লগতে তেওঁ উল্লেখ কৰে যে ইয়াৰ উপৰিও আন ১২ খন চিকিৎসা মহাবিদ্যালয়ৰ পৰিকল্পনা কৰা হৈছে আৰু সেইসমূহৰ বিভিন্ন পৰ্যায়ৰ কাম চলি আছে ৷ অৰ্থাৎ অসমত কিছুবছৰৰ ভিতৰত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ২১ খনলৈ বৃদ্ধি হ'বগৈ ৷ আনহাতে ধুবুৰীত চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আৰম্ভ হোৱাতো এসময়ত ৰাইজৰ কল্পনাৰো অগোচৰ আছিল যদিও আজি সেই কল্পনা বাস্তৱায়িত হ'ল ৷

তেওঁ কয় যে, ধুবুৰীৰ ৰাইজক সকাহ প্ৰদানেৰে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়খন আৰম্ভ হ'ল ৷ ৰাইজে চিকিৎসা মহাবিদ্যালয়খন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগিব ৷ সকলো সময়তে চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলক সহযোগ কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায় আৰু চিকিৎসকসকলকো উৎসৰ্গিত মনোভাৱেৰে চিকিৎসাসেৱা আগবঢ়াবলৈ অনুৰোধ জনায় ৷

জিলা উপায়ুক্ত অন্বামুথন এম পিয়ে আদৰণি ভাষণ দিয়া সভাখনত গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰহমান, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অংকুমণি শইকীয়া, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডাঃ দেৱময় সান্যাল, প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় সৰকাৰ,বিশিষ্ট সমাজসেৱক প্ৰসেনজিৎ দত্ত প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ চিকিৎসকসকল আৰু কেইবা হেজাৰ লোক উপস্থিত থাকে ৷

উপস্থিত সকলোৱে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খনে ধুবুৰী জিলাকে ধৰি দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে চিকিৎসাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা অসুবিধা দূৰ কৰিব বুলি মন্তব্য কৰে ৷ ধুবুৰীবাসী ৰাইজে এক অতীব প্ৰয়োজন পূৰণ হোৱাত আনন্দ প্ৰকাশ কৰে।

ডাঃ সান্যালে চিকিৎসা মহাবিদ্যালয়খন স্থাপনৰ ইতিহাসৰ বৰ্ণনা দিয়ে ৷ চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মনে কয় যে কেইবছৰমানৰ ভিতৰতে ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমোদন পাবৰ বাবে চেষ্টা কৰা হ'ব ৷

উল্লেখ্য যে ধুবুৰী টাউনৰ সমীপৰ ঝগৰাৰপাৰত ১০৮ বিঘা ভূমিত ৫০৯ কোটি টকা ব্যয়েৰে চিকিৎসা মহাবিদ্যালয়খনৰ নিৰ্মাণ কৰা হৈছে ৷ ইতিমধ্যে ১১১ গৰাকী ফেকাল্টি চিকিৎসক আৰু ২৮ গৰাকী ছিনিয়ৰ ৰেছিডেন্টৰ জৰিয়তে ২৪ টা বিভাগত চিকিৎসসেৱা আৰম্ভ হৈছে ৷

বৃহস্পতিবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসলয়খন মুকলি কৰাৰ পিছতে অহা নৱেম্বৰ মাহৰ পৰা ১০০ গৰাকী শিক্ষাৰ্থীৰে এম বি বি এছ পাঠ্যক্ৰমৰ পাঠদান আৰম্ভ হ'ব ৷

assam pabitra margherita himanta biswa sama dhuburi