৩৬৭ বছৰীয়া পৰম্পৰাৰে নৰোৱা সত্ৰৰ পালনাম আৰম্ভ

৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে নিশাৰ পৰা বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত হৈছে
৩৬৭ বছৰীয়া পৰম্পৰাৰে নৰোৱা সত্ৰৰ পালনাম আৰম্ভ

ডিজিটেল সংবাদ, বটদ্ৰৱা : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে প্ৰৱৰ্ত্তন কৰা সকামী সেৱা হৈছে পালনাম। ৩৬৭ বছৰীয়া ঐতিহ্যময় পৰম্পৰা ৰক্ষা কৰি বৃহস্পতিবাৰে নিশাৰ পৰা বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ পালনাম সেৱা অনুষ্ঠিত হৈছে।

উল্লেখ্য যে ১৬৫৬ খৃষ্টাব্দত আই কনকলতা আৰু দামোদৰ আতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা ব'হাগ পূৰ্নিমা(বৌদ্ধ পূৰ্ণিমা) তিথিত নৰোৱা সত্রই নিৰবিচ্ছিন্নভাৱে পাতি অহিছে এই পালনাম। পালনাম উপলক্ষে আজি নিশা ভকত বৈষ্ণৱৰ উপস্থিতিত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱা থান।

কীৰ্ত্তনঘৰৰ থানৰ নামাচাৰ্য, পাঠক, গায়ন বায়ন, দুই সত্ৰ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ, ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীয়ে ৰাইজৰ তৰফৰ পৰা পালনামৰ আহ্বান জনায়। লগে লগে কীৰ্ত্তনঘৰত ঘোষাপাঠ আৰু নামডকা কাৰ্যসূচী আৰম্ভ হয়।

ইফালে শুকুৰবাৰে পূৰ্ণিমা উপলক্ষে দুপৰীয়া পালনামৰ সামৰণী পৰিব। উল্লেখ্য যে, ১৬৫৬ খৃষ্টাব্দত আই কনকলতাই বৰদোৱা থান পুনৰ উদ্ধাৰ কৰাৰ পিছৰে পৰা চতৰ পূৰ্ণিমা তিথিত শলগুৰি সত্রই আৰু ব'হাগৰ পূৰ্ণিমা তিথিত নৰোৱা সত্রই নিৰবিচ্ছিন্ন ভাৱে এই পালনাম অনুষ্ঠিত কৰি আহিছে।

৩৬৭ বছৰীয়া পৰম্পৰাৰে নৰোৱা সত্ৰৰ পালনাম আৰম্ভ
ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন মৰাণবাৰীৰ পৱন শইকীয়া

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in