/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-09/9f5a4e4c-c7f4-4f5d-a00b-2fc59a25478d/mongoldoi.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ মঙলদৈৰ আউলাচৌকাত থকা Meesho ৰ কাৰ্যালয়টো আগতীয়াকৈ কোনো জাননী নিদিয়াতকৈ বৃহস্পতিবাৰৰ নিশা বন্ধ কৰি দিয়া হয়। কাৰ্যালয়টোৰ ওচৰৰ এখন দোকানৰ CCTV ত দেখা গ'ল নিশা কাৰ্যালয়টো খালী কৰি নিয়া সমগ্ৰ দৃশ্য।
স্থানীয় কৰ্মচাৰীসকলৰ পাবলগীয়া ধন আদায় নকৰাকৈ নিশাৰ ভিতৰতে সকলো সামগ্ৰী এখন গাড়ীত উঠাই কাৰ্যালয়টো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলে কাৰ্যালয়টোৰ গৰাকীদ্বয় মিৰ হুছেইন আৰু ইনজামামূল হক আৰু মেনেজাৰ সঞ্জীৱ দাসে।
উল্লেখ্য যে, সামগ্ৰী বিতৰণৰ সৈতে জড়িত স্থানীয় প্ৰায় ১১ গৰাকী কৰ্মচাৰীয়ে পাবলৈ থাকিল প্ৰায় ৩ লাখৰো অধিক ধন।
খাটি খোৱা যুৱক কেইজনে পাবলগীয়া ধন আদায় নোপোৱাকৈ হঠাতে কাৰ্যালয়টো বন্ধ হৈ পৰাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যুৱকসকলৰ মাজত।
উপায়হীন স্থানীয় যুৱক কেইজনে নিজৰ প্ৰাপ্য বিচাৰি মিৰ হুছেইন, সঞ্জীৱ দাস,ইনজামামূল হকৰ বিৰুদ্ধে মঙলদৈ থানাত এজাহাৰ দাখিল কৰে।
Also Read: কৰিমগঞ্জত মাটিৰ তলৰ পৰা ওলাইছে জ্বলনশীল গেছ