কৰিমগঞ্জত মাটিৰ তলৰ পৰা ওলাইছে জ্বলনশীল গেছ

কৰিমগঞ্জত মাটিৰ তলৰ পৰা ওলাইছে জ্বলনশীল গেছ
Published on
Updated on

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ কৰিমগঞ্জৰ পাথাৰকান্দি সমষ্টিৰ ডেঙ্গাৰবন্দ জিপিৰ অন্তৰ্গত গোপালপুৰ গাঁওৰ কেইবাটাও স্থানত মা‌টিৰ পৰা তলৰ পৰা নিৰ্গত হৈ আছে গেছ। এই গেছ নিৰ্গমণৰ বাবে অবিৰতভাৱে জ্বলি আছে জুই। এই ঘটনাৰ বাবে এতিয়া অঞ্চলটোত সৃষ্টি হৈছে আতংকৰ । অতিশীঘ্ৰেই ঘটনাটোৰ অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰাৰ অনুৰোধ জনাইছে স্থানীয় ৰাইজে।

স্থানীয় লোকে জানিবলৈ দিয়া মতে দীৰ্ঘদিনৰ পৰা গোপালপুৰ গাঁওৰ বিস্তীৰ্ণ অঞ্চলত পানীৰ তলৰ পৰা নিৰ্গত হৈ আছে গেছ। স্থানীয় ৰাইজে বাঁহ পানীৰ তলত পুঁতি ওপৰত অ‌গ্নি সং‌যোগ কৰিলে জুই জ্বলে। শীতৰ দিনত বৰ্তমানতকৈ আৰু বেছি মাত্ৰাত জুই নিৰ্গত হয়।

উল্ল্যেখ, যোৱা প্ৰায় ৩০ বছৰ আগতে ONGC সংস্থাৰ অনুসন্ধা‌নত অঞ্চলটোত প্রচুৰ প‌ৰিমানৰ লৱণয়ুক্ত পানী আৰু ‌মি‌থেন গেছৰ সন্ধান পোৱা গৈছিল বুলি জানিব পৰা যায়। ধাৰণা কৰা হৈছে উক্ত এলেকাত বহু পৰিমাণে খনিজ পদাৰ্থ আছে। ফলতে এনে ক্ষেত্ৰত জিলা প্ৰশাসনে কি ব্যৱস্থা লয় সেইয়া হ'ব লক্ষণীয়।

কৰিমগঞ্জত মাটিৰ তলৰ পৰা ওলাইছে জ্বলনশীল গেছ
মণিপুৰৰ পিছত এইবাৰ ৰাজস্থানত নাৰীক কৰোৱা হ’ল নগ্ন পেৰেড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in