মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক কৰ্মশালা

মটক জনগোষ্ঠীৰ অতি পুৰণি সংগঠন হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৷
মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক কৰ্মশালা

ডিজিটেল সংবাদ,ডিব্ৰুগড়ঃ মটক জনগোষ্ঠীৰ অতি পুৰণি সংগঠন হৈছে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন ৷ জন্মলগ্নৰে পৰা জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে সংগ্ৰাম কৰি অহা জনগোষ্ঠীয় সংগঠনটোৰ কৰ্মীসকলৰ মাজত শৃংখলাবদ্ধতা আৰু অন্যান্য গণতান্ত্ৰিক নীতিসমূহৰ জৰিয়তে জনগোষ্ঠীটোক আগুৱাই নিব পাৰি তাৰ উদ্দেশ্যে সময়ে সময়ে আয়োজন কৰি আহিছে সাংগঠনিক কৰ্মশালা ৷

সাংগঠনিক দিশত জনগোষ্ঠীয় সংগঠনটো শক্তিশালী কৰাৰ উদ্দেশ্যে তেনে এক কৰ্মশালা বৃহস্পতিবাৰে চাবুৱাৰ বহুমূখী প্ৰকল্প ভৱনত দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড় জিলা ভিত্তিত অনুষ্ঠিত হয় ৷ জিলাখনৰ সকলো আঞ্চলিক সমিতিৰ পৰা আঞ্চলিক সমিতিসমূহৰ উপস্থিতিত কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলাৰ সভাপতি মুকুন্দ মাধৱ গোহাঁইয়ে, স্মৃতি তৰ্পন কৰে সাধাৰণ সম্পাদক ৰিদিপ গগৈয়ে, বৃক্ষ ৰোপণ কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি অজয় গগৈ আৰু পৰিবেশ পৰ্যটন বিভাগৰ সম্পাদক গীৰিশ পাত্ৰই ৷

ডিব্ৰুগড় জিলা মটক যুৱ-ছাত্ৰ সন্মিলনৰ সাংগঠনিক বিভাগৰ দায়িত্বত থকা ক্ৰমে মাদিত্য গগৈ, বিপুল চন্দ্ৰ দুৱৰা, প্ৰশান্ত দত্তই জানিবলৈ দিয়া অনুসৰি এই কৰ্মশালাৰ দ্বাৰা মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিজন কৰ্মীক দক্ষ কৰ্মী হিচাপে গঢ় দিয়াৰ বাবে জনগোষ্ঠীটোৰ ইতিহাস, উত্তৰণৰ বাবে কৰিব লগা দিশবোৰ, গণতান্ত্ৰিক ভাৱে সংগ্ৰাম কেনেকৈ আগবঢ়াব পাৰি তাৰ ওপৰত গুৰুত্ব জ্ঞান প্ৰদান কৰা হয় ৷

কৰ্মশালাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জনগোষ্ঠীটোৰ প্ৰাক্তন সংগ্ৰামী নেতা দিলীপ বৰা, মিণ্টু বৰপাত্ৰ, দেভিড চেতিয়া, মাখন চেতিয়া, দেৱঋষি চেতিয়া লোকেল মহন আদি৷ আনহাতে, সদৌ অসম মটক সন্মিলনৰ সভাপতি চান্দ গোহাঁই, সদৌ মটক মহিলা পৰিষদৰ সভানেত্ৰী ৰূপালী গগৈ আদি ৷

মটক যুৱ ছাত্ৰ সন্মিলনৰ সাংগঠনিক কৰ্মশালা
নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক, অংশ নলয় গান্ধী পৰিয়ালে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in