/asomiyapratidin/media/media_files/2025/11/17/1-2025-11-17-18-58-09.jpg)
ডিজিটেল সংবাদ,কলকাতাঃ কলকাতাবাসী অসমীয়া তথা বঙালী জুবিন অনুৰাগী সকলে কাঞ্চনজংঘা ফাউণ্ডেশ্যনৰ উদ্যোগত ২২ নবেম্বৰৰ সন্ধিয়া ৫ বজাত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ ৫৩ তম জন্মদিৱস উদযাপনৰ আয়োজন কৰিছে।
"কথা আৰু গানেৰে আমাৰ জুবিন" শীৰ্ষক এই অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে উদ্যোক্তা কমিটীয়ে। অনুষ্ঠানত তেওঁলোকৰ লগত অসমৰ বিশিষ্ট সংগীত শিল্পী বৰ্ণালী কলিতা, ৰূপম ভূঞা, বিশিষ্ট সংগীতজ্ঞ দিগন্ত শৰ্মা উপস্থিত থাকিব।
আনহাতে বাংলাৰ বিখ্যাত কন্ঠ শিল্পী জ'জ' মুখাৰ্জী, জিৎ গাঙ্গুলী, নাচিকেতা,জুবিনৰ সহ শিল্পী সংঘতি দাস, সৌৰভ সাহা লগতে বিশিষ্ট অভিনেতা দেৱ অধিকাৰী, ৰাহুল বেনাৰ্জী, ঋতুপৰ্ণা সেন গুপ্তও "কথা আৰু গানেৰে আমাৰ জুবিন" শীৰ্ষক অনুষ্ঠানত অংশ ল'ব।
উল্লেখ্য যে, এই অনুষ্ঠান সফলতাৰে পৰিচালনা কৰাত বেঙ্গলৰ বিশিষ্ট সংগীত পৰিচালক অশোক ভদ্ৰ তথা প্ৰিয় চট্টোপাধ্যায় ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us