ওৰাঙৰ দুজনকৈ লোক সন্ধানহীন…

ওৰাঙৰ দুজনকৈ লোক সন্ধানহীন…

author-image
asomiyapratidin
New Update
ওৰাঙৰ দুজনকৈ লোক সন্ধানহীন…

প্ৰতিদিন ডিজিটেল সংবাদ, ওৰাং : ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত ওদালগুৰি নেপালী গাঁৱৰ ইদুব আলি (৩৬) নামৰ মুকবধিৰ লোকজন যোৱা ৩১ জুলাই, দেওবাৰৰ পৰা সন্ধানহীন হৈ আছে।‌ দেওবাৰে কৌপাটি বজাৰলৈ ওলাই গৈ এতিয়ালৈকে ঘৰলৈ উভতি নাহিল মুকবধিৰ ইদুব আলি। ইদুব আলিৰ সন্ধান বিচাৰি দিকবিদিক হেৰুৱাই পেলাইছে পৰিয়ালৰ লোকে। কোনো লোকে ইদুব আলিৰ সন্ধান পালে ৮৬৩৮২৮৬৩৩৮ নম্বৰত পৰিয়ালৰ লোকৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

ইফালে ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত আন এগৰাকী লোক যোৱা মঙ্গলবাৰ, ২ আগষ্টৰ পৰা সন্ধানহীন হৈ আছে। সন্ধানহীন লোকজনৰ নাম ৰাজু বড়ো (৪২)। কৰ্মসংস্থাপনৰ বাবে মুম্বাইলৈ যোৱাৰ পথত ইগতপুৰ ৰে'ল ষ্টেচনৰ পৰা যোৱা মঙ্গলবাৰৰ পৰা বৰ্তমানো নিৰুদ্দেশ হৈ আছে। কোনো লোকে ৰাজু বড়োৰ সন্ধান পালে ৮০৯৯৪৫৯৯৫৪ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।

আৰু পঢ়ক : গোলাঘাটত 'ঘৰে ঘৰে পাইপযোগে গেছ যোগান' আঁচনিৰ শুভাৰম্ভ মন্ত্ৰী অজন্তা নেওগৰ…

assam Assam police guwahati himanta biswa sarma bjp