/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/orang-3.jpg)
ডিজিটেল সংবাদ, ওৰাং : 'আজাদি কা অমৃত মহোৎসৱ'ৰ লগত সংগতি ৰাখি সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ওদালগুৰি জিলাৰ পাচনৈ প্ৰান্তৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত বৃহস্পতিবাৰে উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা। স্বাধীনতা দিৱসৰ হীৰক জয়ন্তী উপলক্ষে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি নানা কাৰ্যক্ৰমণিকা গ্ৰহণ কৰি আজাদি কা অমৃত মহোৎসৱ পালন কৰে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ে।
উল্লেখযোগ্য যে আজাদি কা অমৃত মহোৎসৱৰ প্ৰথম দিনা ১১ আগষ্ট বৃহস্পতি বাৰে ৰাতিপুৱা ৮ বজাত কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° উৎপল চন্দ্ৰ হাজঙে আজাদি কা অমৃত মহোৎসৱৰ অনুষ্ঠান উদ্বোধন কৰে আৰু স্বাধীনতা দিৱসৰ ওপৰত ভাষণ প্ৰদান কৰে। আজাদি কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী আৰু শিক্ষাৰ্থী সকলে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ এক শোভাযাত্ৰা উলিয়াই। মহাবিদ্যালয়ৰ চৌহদৰ পৰা ওৰাং চাৰিআলি লৈ উলিওৱা হয় এই ত্ৰিৰংগা যাত্ৰা।
ত্ৰিৰংগা যাত্ৰা সমাপ্ত হোৱাৰ পিছত মহাবিদ্যালয়ত স্বাধীনতা দিৱসৰ ইতিহাস সংক্ৰান্তত আৰু ৰাষ্ট্ৰীয় পতাকাৰ ইতিহাস সংক্ৰান্তত এক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ইতিহাস বিভাগৰ মুৰব্বী অধ্যাপক ড° ধ্ৰুৱজ্যোতি শৰ্মা। তেওঁ স্বাধীনতা দিৱসৰ ইতিহাস, জাতীয় পতাকাৰ উৎপত্তি কেনেকৈ হৈছিল, জাতীয় পতাকাৰ ইতিহাস, জাতীয় পতাকাৰ তাৎপৰ্যৰ লগতে স্বাধীনতা দিৱসত অৰিহণা যোগোৱা মহান পুৰুষ সকলৰ বিষয়ে ছাত্ৰ-ছাত্ৰী সকলৰ লগত মত বিনিময় কৰে। উক্ত অনুষ্ঠান প্ৰায় ১ ঘন্টা ধৰি অনুষ্ঠিত হয়।
উক্ত অনুষ্ঠানত উপস্থিত থাকে কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা আৰু শিক্ষাৰ্থীসকল। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত শিক্ষাৰ্থী সকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও অনুষ্ঠিত হয়। এই চিত্ৰাংকন প্ৰতিযোগিতাত ভাৰতৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকা অংকন কৰিবলৈ দিয়া হয়। এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ প্ৰধান উদ্দেশ্য হ'ল শিক্ষাৰ্থী সকলে যাতে ভাৰতৰ গৌৰৱৰ প্ৰতীক জাতীয় পতাকা অতি সহজে অংকন কৰিব পাৰে আৰু জাতীয় পতাকাৰ বিষয়ে জ্ঞাত আহৰণ কৰিব পাৰে।
উল্লেখযোগ্য যে এই অনুষ্ঠানৰ যোগেদি শিক্ষাৰ্থীয়ে যথেষ্ট জ্ঞান লাভ কৰা বুলি অবগত কৰে। ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ১৫ আগষ্টলৈ নানা কাৰ্যসূচী ৰূপায়ন কৰা হ'ব কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত। এই পঞ্চম দিনীয়া কাৰ্যসূচী ১৫ আগষ্ট তাৰিখে সমাপ্ত হ'ব। স্বাধীনতা দিৱস উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে ৭৫ সংখ্যক স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্ট তাৰিখে এদিনীয়া কাৰ্যক্ৰমণিকাৰে স্বদেশ প্ৰেমৰ নানা কাৰ্যসূচী ৰূপায়ন কৰা হ'ব।
আৰু পঢ়ক : ব্যতিক্ৰমী ৰূপত কাকপথাৰস্থিত সেনা চাউনিত উদযাপন ৰাখীবন্ধন…