ভাৰতীয় জনতা যুৱ মৰ্চা পাঁচনৈ ছেৰফাং মণ্ডলৰ ত্ৰিৰংগা যাত্ৰা…

ভাৰতীয় জনতা যুৱ মৰ্চা পাঁচনৈ ছেৰফাং মণ্ডলৰ ত্ৰিৰংগা যাত্ৰা…

author-image
asomiyapratidin
New Update
ভাৰতীয় জনতা যুৱ মৰ্চা পাঁচনৈ ছেৰফাং মণ্ডলৰ ত্ৰিৰংগা যাত্ৰা…

ডিজিটেল সংবাদ, ওৰাং:- স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ চাৰিটা দিন। দেশে এইবাৰ পালন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। স্বাধীনতাৰ হীৰক জয়ন্তী বৰ্ষটো এক স্মৰণীয় দিৱস হিচাপে পালন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন ধৰণৰ কাৰ্যসূচী। স্বাধীনতাৰ ৭৫ সংখ্যক দিৱসটো বছৰজুৰি পালনৰ কাৰ্যসূচী হাতত লৈ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচী।

Advertisment

ইয়াৰ লগত সংগতি ৰাখি দেশৰ প্ৰতিখন ঘৰতে জাতীয় পতাকা উত্তোলনৰ আহ্বান জনাই ঘোষণা কৰা হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচী। কাৰ্যসূচী সফল ৰূপায়ণৰ উদ্দেশ্যে দেশজুৰি চলিছে ব্যাপক প্ৰচাৰ আৰু সজাগতা অভিযান। ব্যতিক্ৰম নহয় ওদালগুৰি জিলাও। বুধবাৰে বিজেপি যুৱ-মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত পাঁচনৈ ছেৰফাং মণ্ডলৰ উদ্যোগত মটৰচাইকেলেৰে ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচী উলিয়াই। ওৰাং লক্ষী মন্দিৰৰ পৰা মাজবাট মহাবিদ্যালয় লৈ উলিওৱা হয় বিশাল বাইক ৰেলী।

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি মটৰ চাইকেল ৰে'লীৰে উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা। ত্ৰিৰংগা যাত্ৰা উপলক্ষে উলিওৱা বাইক ৰে'লীত প্ৰায় তিনি শতাধিক ভাৰতীয় জনতা যুৱ মৰ্চাৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে। হাতে-হাতে ত্ৰিৰংগা পতাকা লৈ প্ৰায় ১৫ কিলোমিটাৰ পথ বাইক ৰে'লীৰে 'আজাদী কা অমৃত মহোৎসৱ' শীৰ্ষক কাৰ্যসূচীৰ সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই ত্ৰিৰংগা যাত্ৰা আয়োজন কৰে ভাৰতীয় জনতা যুৱ মৰ্চা পাঁচনৈ ছেৰফাং মণ্ডলে‌।

দেশৰ লগতে প্ৰতি ঘৰ মাজবাট সমষ্টিৰ লোকক ১৩ আগষ্টৰ পৰা ১৫ আগষ্ট লৈ ত্ৰিৰংগা পতাকা লগাবলৈ আহ্বান জনায় ওদালগুৰি জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকাই। ত্ৰিৰংগা যাত্ৰা উপলক্ষে উলিওৱা বাইক ৰে'লীত অংশগ্ৰহণ কৰে ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক বলেন ব্ৰহ্ম, ওদালগুৰি জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি সমৰ হাজৰিকা, সাংসদ নমিনী কিশোৰ শৰ্মা, ওদালগুৰি জিলা ভাৰতীয় জনতা যুৱ মৰ্চাৰ সম্পাদক নিপজ্যোতি বৰুৱা, পাঁচনৈ ছেৰফাং মণ্ডল বিজেপিৰ সভাপতি জীৱন ডেকাৰ লগতে পাঁচনৈ ছেৰফাং মণ্ডল যুৱ মৰ্চাৰ সভাপতি শ্যাম পানিকাই।

আৰু পঢ়ক : দেশৰ ৭৫তম স্বাধীনতা দিৱস উপলক্ষে কয়দীক মুক্তি…

assam himanta biswa sarma orang triranga yatra