ওৰাঙৰ ধনশ্ৰীঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনত গণিত-বিজ্ঞান মেলা…

ওৰাঙৰ ধনশ্ৰীঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনত গণিত-বিজ্ঞান মেলা…

author-image
asomiyapratidin
New Update
ওৰাঙৰ ধনশ্ৰীঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনত গণিত-বিজ্ঞান মেলা…

ডিজিটেল সংবাদ, ওৰাং : শিশু শিক্ষা সমিতি অসমৰ তেজপুৰ বিভাগৰ উদ্যোগত ওৰাঙৰ ধনশ্ৰীঘাট শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আতিথ্যত গাম্ভীৰ্যপূৰ্ণ আৰু উদুলি মুদুলি পৰিবেশত অনুষ্ঠিত হয়‌ গণিত-বিজ্ঞান মেলা আৰু সাস্কৃতিক মহোৎসৱ। ৬ টা শংকুলৰ পৰা প্ৰতিযোগিতাৰ ভিত্তিত নিৰ্বাচিত হোৱা ১৫ খন শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰায় ২০০ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত।‌‌

Advertisment

চতুৰ্থ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান আৰ্হি প্ৰতিযোগীতা, বিজ্ঞান প্ৰশ্ন মঞ্চ, সংস্কৃতি বিজ্ঞান প্ৰশ্ন মঞ্চ, সংস্কৃতিক জ্ঞান প্ৰশ্ন বাচন, বৌদ্ধিক গণিত প্ৰশ্ন বাচন, কাহিনী কঠন, আকস্মিক ভাষণ, ডবা খেল প্ৰতিযোগীতা আৰু বৌদ্ধিক বিজ্ঞান অনুস্থিত হয় ৷

বিজ্ঞান আৰ্হি প্ৰতিযোগীতাত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন বিজ্ঞান আৰ্হি তৈয়াৰ কৰি প্ৰতিযোগীতাত অংশগ্ৰহণ কৰে। ৰাতিপুৱা ৯ বজাৰ পৰা  উদুলি মুদুলি পৰিবেশেৰে শুভাৰম্ভ হোৱা বিজ্ঞান মেলাত ছাত্ৰ-ছাত্ৰী সকলে বিশেষকৈ বায়ু  প্ৰদুষণ, প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা, গছ-গছনি সংৰক্ষণ, সংবৰ্ধন আৰু  প্ৰাকৃতিক মনোৰমা পৰিবেশ ইত্যাদি আলোকচিত্ৰ বিজ্ঞান মেলাত  প্ৰৰ্দশন কৰি ভূয়সী প্ৰশংসা লাভ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কুইজ,‌ দবা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।

উল্লেখ্য যে এই বিজ্ঞান মেলাৰ কাৰ্যসূচী আৰম্ভণিৰ পূৰ্বেই ৰাতিপুৱা নিকেতনৰ আচাৰ্য, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, অঞ্চলটোৰ শিক্ষানুৰাগী বৰেণ্য ব্যক্তি সকলৰ উপস্থিতিত বিজ্ঞান মেলা এখন উদ্বোধনী সভা অনুষ্ঠিত হয়। নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ্বৰ বৰুৱাই শোভ উদ্ধোধন কৰা সভাত বিজ্ঞান মেলাৰ তেজপুৰ বিভাগৰ নিৰিক্ষ ধীৰেন শৰ্মা, ৰাষ্ট্ৰপতি বঁটা প্ৰাপক কৃতি শিক্ষক কৃষ্ণ কান্ত বৰা, বিষ্ণু ঠাকুৰীয়া, টংক গৌতম, হেম চন্দ্ৰ শৰ্মা, মাজবাটৰ ৰথিন দত্ত, লংকেশ্বৰ ডেকা, ৰনজিৎ শৰ্মা, হেম চন্দ্ৰ শৰ্মা, আচাৰ্য ৰঘুনাথ বৈশ্য প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল।

assam orang