হাতীৰ আক্ৰমণত আহত পৰিয়ালক সাক্ষাৎ বন বিভাগৰ

 হাতীৰ আক্ৰমণত আহত পৰিয়ালক সাক্ষাৎ বন বিভাগৰ

ডিজিটেল সংবাদ,ওৰাংঃ ৰৌতাৰ বনৰীয়া হাতীৰ আক্ৰমণত আহত পৰিয়ালক সাক্ষাৎ বন বিভাগৰ। মাজবাট আঞ্চলিক বন বিভাগৰ ফৰেষ্টাৰ মিন্টু বড়োৰ নেতৃত্বত বন কৰ্মীৰ দল আহত জয়ন্ত হাজৰিকা আৰু মীনা সিংহৰ ঘৰত উপস্থিত হয়। জয়ন্ত হাজৰিকা স্বাস্থ্যৰ অৱস্থা বৰ্তমানে সংকটজনক বুলি জানিব পৰা গৈছে।

বৰ্তমান GMCHৰ ICUত ভৰ্তি হৈ আছে। আহত দুয়োটা পৰিয়ালৰ খবৰ লোৱাৰ লগতে চিকিৎসাৰ বাবে কিছু আৰ্থিক সাহায্য প্ৰদান কৰে বন বিভাগে।

উল্লেখ্য যে, ৰৌতাত বৃহৎ বনৰীয়া হাতীৰ জাক গাঁৱত প্ৰৱেশ কৰি তাণ্ডৱৰ সৃষ্টি কৰিছিল।হাতীৰ আক্ৰমণত ৰৌতা বাগানৰ প্ৰাক্তন চেয়াৰমেন জয়ন্ত হাজৰিকা আৰু মীনা সিংহ নামৰ মহিলা গুৰুতৰভাৱে আহত হৈছিল।

ইয়াৰে মীনা সিংহ নামৰ মহিলা বৰ্তমান সুস্থ যদিও জয়ন্ত হাজৰিকা বৰ্তমানেও সংকটজনক হৈ আছে। হাজৰিকাৰ স্বাস্থ্য অৱনতি হোৱাৰ GMCHৰ ICUত ভৰ্তি হৈ আছে। জয়ন্ত হাজৰিকাৰ চিকিৎসাৰ সমস্ত খৰছ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাই পৰিয়ালে।

 হাতীৰ আক্ৰমণত আহত পৰিয়ালক সাক্ষাৎ বন বিভাগৰ
খ্ৰীষ্টমাছৰ বতৰত তুষাৰ শুভ্ৰ হিমাচলত পৰ্যটকৰ ভিৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in