ওৰাঙত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১৩ গৰাকী ফুটবল খেলুৱৈ…

ওৰাঙত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১৩ গৰাকী ফুটবল খেলুৱৈ…

author-image
asomiyapratidin
New Update
ওৰাঙত পথ দুৰ্ঘটনা, গুৰুতৰভাৱে আহত ১৩ গৰাকী ফুটবল খেলুৱৈ…

ডিজিটেল সংবাদ, ওৰাং : ওৰাঙত পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত আহত ১৩ গৰাকী ফুটবল দলৰ খেলুৱৈ। ইয়াৰে দুজন খেলুৱৈ গুৰুত্বৰ ভাৱে আহত। আটাইকেইজন আহত লোকক ওৰাং সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে। ফুটবল দলটো ওৰাং চাহবাগিচাৰ বুলি জানিব পৰা গৈছে।

Advertisment

ওৰাং চাহ বাগিচাৰ পৰা তিনখৰীয়া চাহ বাগিচা লৈ ফুটবল খেলৰ বাবে গৈছিল ফুটবল খেলুৱৈৰ দলটো। ওৰাং চাহ বাগিচাৰ সমীপৰ ৰূপা পথত সংঘটিত হয় পথ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত AS 12 CC 0104 নম্বৰৰ বাহন খন বাগৰি পৰাৰ ফলত সংঘটিত হয় পথ দুৰ্ঘটনা।

দুৰ্ঘটনাত আহত লোক কেইজনৰ নাম ৰহিত পানীকা, ভূপেন তাতী, ৰামচৰণ উজা, আমন তাতী, নিৰঞ্জন লগুন, কৃষ্ণ তাতী, মানুয়েল গৌড়, ইজিকেল কিচপতা, আভাই গৌড়, সৰুজ গৌড়, শিৱ পানীকা, অজয় মিঞ্জ আৰু ইনতুজ টিৰ্কী।

assam Assam police road accident orang