/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/orang-1.jpg)
প্ৰতিদিন ডিজিটেল ডেস্ক, ওৰাং : অসম স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীৰ ক্ষোভ । প্ৰাদেশিকৰণৰ পিছতো চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত ২০২১ চনৰ ৫ ফেব্ৰুৱাৰীত প্ৰাদেশিকৃত হোৱা ৩৩খন মহাবিদ্যালয়ৰ কৰ্মচাৰী । গৰম বন্ধ খোলাৰ দিনাই ৩৩ খন মহাবিদ্যালয়ত অহা ৮ আগষ্ট, ২০২২ তাৰিখে তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰে অনা-শিক্ষক কৰ্মচাৰী সন্থাই । ১৫ আগষ্টত কৰ্মচাৰী সকলৰ ভাল খৱৰ প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান কৰ্মচাৰীৰ। লগতে কৰ্মচাৰী সকলৰ দুখ দুৰ্দশাৰ কথা চৰকাৰক শুনিবলৈ আহ্বান মহাবিদ্যালয়ৰ অধ্যক্ষৰ।
প্ৰাদেশিকৃত হোৱাৰ পিছত ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীয়ে প্ৰাদেশিকৰণ কৰ্মচাৰীৰ সমহাৰত নাপালে কোনো সা-সুবিধা আৰু দৰমহা । অনা-শিক্ষক কৰ্মচাৰীক বিভিন্ন সা-সুবিধাৰ পৰা চৰকাৰে বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰিছে কৰ্মচাৰী সকলে। নিয়মীয়া কৰ্মচাৰী সকলে পোৱা সা-সুবিধা সমূহ দিয়াৰ পৰিৱৰ্তে প্ৰাদেশীকীকৃত স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰীসকলক ফিক্স পে পদ্ধতিৰে দৰমহা প্ৰদান কৰি আছে চৰকাৰে। যাৰ ফলত পানীত হাঁহ নচৰা অৱস্থা হৈছে এতিয়া ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰী সকলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/orang-22.jpg)
কিন্তু উক্ত পদ্ধতিৰ পৰিৱৰ্তে নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত দৰমহা আৰু ভাত্তা প্ৰদানৰ দাবীত অসম স্নাতক মহাবিদ্যালয় অনা-শিক্ষক কৰ্মচাৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে । সন্থাৰ অন্তৰ্গত ৩৩ খন মহাবিদ্যালয়ত অহা ৮ আগষ্ট, ২০২২ তাৰিখে তলাবন্ধ কাৰ্যসূচী ঘোষণা কৰিছে । সকলো যোগ্যতা থকাৰ পিছতো অন্যায় ভাবে চৰকাৰে ৩৩ খন মহাবিদ্যালয়ৰ অনা-শিক্ষক কৰ্মচাৰী সকলক বিপদত পেলোৱাৰ অভিযোগ সন্থাৰ । অনা-শিক্ষক কৰ্মচাৰী সকলে চৰকাৰক বহু বাৰ আবেদন জনাই অহাৰ পিছতো বৰ্তমানলৈকে গুৰুত্ব প্ৰদান নকৰিলে।
আৰু পঢ়ক : হোটেলৰ কোঠাত প্ৰতিৰক্ষা বিভাগৰ শীৰ্ষ বিষয়াৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us