প্ৰতিভাসম্পন্ন যুৱক বাহাৰুল ইছলামৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী…

প্ৰতিভাসম্পন্ন যুৱক বাহাৰুল ইছলামৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী…

author-image
asomiyapratidin
New Update
প্ৰতিভাসম্পন্ন যুৱক বাহাৰুল ইছলামৰ হত্যাকাৰীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী…

ডিজিটেল সংবাদ, ওৰাং: ২০ ফেব্ৰুৱাৰীৰ নিশা ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটীটোপ গাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিশা দুৰ্বৃত্তই হত্যা কৰিছিল ১ নং কচাৰিভেটিটোপ গাঁৱত সুৰুজ আলিৰ পুত্ৰ বাহাৰুল ইছলামক।

Advertisment

দুৰ্বৃত্তই হত্যা কৰি মৃতদেহ পেলাই থৈ গৈছিল পথৰ কাষত। তাৰপাছতেই মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিছিল স্থানীয় লোকে। এই হত্যাকাণ্ডক লৈ সৃষ্টি হৈছিল অঞ্চল জুৰি তীব্ৰ উত্তেজনা।

উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে এটা পৰিয়ালৰ লগত ট্ৰেক্টৰ লৈ কাজিয়া হৈছিল নিহত বাহাৰুল ইছলামৰ। উক্ত কাজিয়াৰ পৰিণতিত হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছিল পৰিয়ালৰ লোকে আৰু ঘটনা সন্দৰ্ভত ওৰাং আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল।

হত্যাকাণ্ড সংঘটিত হোৱাৰ তিনি দিনৰ পিছতো হত্যাকাণ্ডৰ লগত জড়িত কোনো এজন ব্যক্তিক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ওৰাং আৰক্ষীয়ে। ইফালে দুগৰাকী শিশুৰ পিতৃ বাহাৰুল ইছলামক হত্যাৰ পিছত এতিয়ালৈকে অপৰাধী চিনাক্ত কৰি গ্ৰেপ্তাৰ নোহোৱাত জাঙুৰ খাই উঠিছে উত্তৰ পূৱ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছুয়ে)।

নেমছু'ৰ দৰং জিলা সমিতিৰ উপসভাপতি ইক্রাম আলি,শিলবৰী আঞ্চলিক সমিতিৰ সভাপতি হাৰুণ উল ৰছিদআৰু ওদালগুৰি জিলা সমিতিয়ে অতিশীগ্ৰেই উক্ত হত্যা কাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনোৱাৰ লগতে হত্যাকাৰীক চিনাক্ত কৰি কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।অন্যথা ৰাইজৰ সহযোগত নেমছু'ই ব্যাপক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে।

assam crime murder case