/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/02/mur.png)
ডিজিটেল সংবাদ,ওৰাং: ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটীটোপ গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। দৰং জিলাৰ ১ নং কছাৰি ভেটিটোপ গাঁৱৰ সুৰুজ আলীৰ পুত্ৰ বাহাৰুল ইছলামক নিশা ফোন যোগে মাতি নি অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ।
হত্যাৰ পিছত ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত কছাৰী ভেটীটোপ গাঁৱৰ পথৰ দাঁতিত পেলায় থৈ যায় মৃতদেহ। পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে শিলবৰী আৰু ওৰাং আৰক্ষীৰ দুটা দল ঘটনাস্থলিত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
এই ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। উল্লেখযোগ্য যে, কিছু দিন পূৰ্বে এটা পৰিয়ালৰ লগত ট্ৰেক্টৰ লৈ কাজিয়া হৈছিল। উক্ত কাজিয়াৰ পৰিণতিত হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছে পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।