অশোক শৰ্মাৰ কথা চিন্তা কৰাৰ সময় নাই মোৰঃ দিলীপ শইকীয়া

অশোক শৰ্মাৰ কথা চিন্তা কৰাৰ সময় নাই মোৰঃ দিলীপ শইকীয়া

author-image
Asomiya Pratidin
New Update
অশোক শৰ্মাৰ কথা চিন্তা কৰাৰ সময় নাই মোৰঃ দিলীপ শইকীয়া

ডিজিটেল সংবাদ,ওৰাংঃ বিজেপিৰ বিসম্বাদী নেতা অশোক শৰ্মা সন্দৰ্ভত মাজবাটত মন্তব্য কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী দিলীপ শইকীয়াই। তেওঁ কয় যে, অশোক শৰ্মাৰ কথা চিন্তা কৰাৰ সময় নাই। বৰ্তমান দেশৰ চিন্তা কৰাত ব্যস্ত বুলি কৈ অশোক শৰ্মাৰ ক্ষোভ-অসন্তুষ্টিক উৰুৱাই দিয়ে সাংসদ দিলীপ শইকীয়াই।

Advertisment

লগতে ৪ জুনৰ পাছত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোডীয়ে। বিজেপিৰ ৪০০ পাৰ আসনৰ সংকল্প পূৰণ হোৱাৰ দাবী কৰে দৰং-ওদালগুৰিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই।

ইফালে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱেও দিলীপ শইকীয়াৰ সৈতে সুৰ মিলাই ৪ তাৰিখৰ পিছত আশাজনক খবৰ অহাৰ আশা প্ৰকাশ কৰা পৰিলক্ষিত হয়। মাজবাটৰ মহামুনি থানৰ বাৰ্ষিক উৎসৱত অংশগ্ৰহণ কৰি দুয়ো গৰাকী নেতাই এইদৰে মন্তব্য আগবঢ়ায়।

Also Read: বিশ্বনাথৰ পকীপথ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ খলা-বমা পথ নিৰ্মাণেৰে চৰকাৰী ধনৰ শৰাধ..

ASHOK SHARMA dilip saikia