/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/c2376b3f-a915-4d89-a0a3-a028056aed47/bjp_meeting.jpg)
ডিজিটেল সংবাদ, ওৰাং : এহাতে ৰাজ্যত ৰাজসাহাৰ্য্য যুক্ত ইউৰিয়া সাৰৰ ব্যাপক নাটনি অন্যহাতে দুগুণ দামত ইউৰিয়া সাৰ বিক্ৰী একাংশ কলা ব্যৱসায়ীৰ। শেহতীয়াকৈ ৰাজ্যৰ সৰ্বত্ৰে ২৬৬ টকাৰ ৰাজ সাহাৰ্য্য যুক্ত ইউৰিয়া সাৰ একাংশ দোকানীয়ে ৫০০-৭০০ টকাকৈ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অকৰ্মণ্য কৃষি বিভাগে চকুমুদা কুলিৰ ভাওঁজুৰাৰ সময়তে বজাৰ মূল্যতকৈ অধিক হাৰত সাৰ বিক্ৰী কৰা অসাধু ব্যৱসায়িক কঠোৰ সকিয়নী প্ৰদান কৰিছে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্টীয় উপ সভাপতি প্ৰাণ কুমাৰ দাসে।
কৃষকক মাধমাৰ শোধাই ৰাজ সাহায্য যুক্ত ইউৰিয়া সাৰৰ কলা ব্যৱসায় চলোৱা অসাধু ব্যৱসায়িক কিষাণ মৰ্চাই আইনীভাৱে শাস্তি দিয়াৰ সকিয়নী প্ৰদান কৰে বিজেপিৰ কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা ওদালগুৰি জিলা বিজেপিৰ প্ৰভাৰী প্ৰাণ কুমাৰ দাসে। অহা ১৭ চেপ্তেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষ্যে ১৫ দিনীয়াকৈ সমগ্ৰ দেশজুৰি পালন কৰিবলগীয়া সেৱা পষেক কাৰ্যসূচীটি সফল ৰূপায়নৰ বাবে ওদালগুৰি জিলাৰ মাজবাটত অনুষ্ঠিত জিলা বিজেপিৰ এক সাংগঠনিক আলোচনা সভাত অংশগ্ৰহন কৰি এইদৰে মন্তব্য কৰে দাসে।
নেতা গৰাকীয়ে জিলা বিজেপিৰ কৰ্মকৰ্তা আৰু কিষাণ মৰ্চাৰ কৰ্মী সকলকো কৃষকক মাধমাৰ সুধাই ৰমৰমীয়া ব্যৱসায় চলোৱা অসাধু ব্যৱসায়ীৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈও আহ্বান জনায়। সমান্তৰালকৈ এনেবোৰ দুৰ্নীতিৰ বিৰুদ্ধে কৃষক সকলকো সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনায়। ইফালে ওদালগুৰি জিলা বিজেপিৰ প্ৰভাৰী প্ৰাণ কুমাৰ দাসক সংগ দিয়ে সহঃ প্ৰভাৰী অপৰাজিতা ভূঞায়।