বিটিচিৰ কেইবাটাও প্ৰান্তত উচ্ছেদৰ জাননী প্ৰশাসনৰ, পিছদিনাই একে স্থানতে ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ

বিটিচিৰ কেইবাটাও প্ৰান্তত উচ্ছেদৰ জাননী প্ৰশাসনৰ। জাননীৰ পিছতে সংখ্যালঘু ৰাইজৰ কাষত হাগ্ৰামা মহিলাৰী

author-image
Asomiya Pratidin
New Update
বিটিচিৰ কেইবাটাও প্ৰান্তত উচ্ছেদৰ জাননী প্ৰশাসনৰ, পিছদিনাই একে স্থানতে ঘৰ বনাই দিয়াৰ প্ৰতিশ্ৰুতি হাগ্ৰামা মহিলাৰীৰ

ডিজিটেল সংবাদ,ওৰাংঃ বিটিচিৰ কেইবাটাও প্ৰান্তত উচ্ছেদৰ জাননী প্ৰশাসনৰ। জাননীৰ পিছতে সংখ্যালঘু ৰাইজৰ কাষত হাগ্ৰামা মহিলাৰী। যদি উচ্ছেদ চলে উচ্ছেদৰ পিছদিনাই একে স্থানতে ঘৰ বনাই দিয়াৰ লগতে সংস্থাপনৰ দায়িত্ব ল'লে হাগ্ৰামা মহিলাৰীয়ে।

Advertisment

উচ্ছেদৰ জাননীৰ জৰিয়তে বিটিচিৰ সংখ্যালঘু ভোটাৰক ভাবুকি প্ৰদান কৰিছে প্ৰমোদ বড়োৰ UPPL চৰকাৰে। UPPL ৰ লগত সংখ্যালঘু ৰাইজ চামিল নহ'লে উচ্ছেদৰ জাননী আহিয়েই থাকিব। টেক্টৰৰ চবিত ভোট দিবলৈ প্ৰকাৰন্তৰে ভাবুকি প্ৰদান কৰিছে UPPL য়ে।

বুধবাৰে ওদালগুৰি জিলাৰ ৰৌতাৰ সৰ্বহেৰুৱা গাঁৱত উচ্ছেদৰ জাননী পোৱা পৰিয়ালৰ কাষত থিয় হৈ এই মন্তব্য হাগ্ৰামা মহিলাৰীৰ। সৰ্বহেৰুৱা গাঁৱৰ ৪২ টা পৰিয়ালক প্ৰশাসনে উচ্ছেদৰ জাননী প্ৰেৰণ কৰিছিল। এই লৈ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছিল। ২০০৮ চনত বিটিচি অঞ্চলৰ ৪.৫ লাখ বিঘা মাটিত বেদখল হৈ থকাৰ সন্দৰ্ভত বেদখকূত ভূমিত উচ্ছেদ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত স্মাকৰ পত্ৰ প্ৰেৰণ কৰিছিল।

উচ্ছেদৰ বাবে গোবিন্দ বসুমতাৰী আৰু সাঞ্জাৰা জগৰীয়া। ভোটৰ স্বাৰ্থত সংকিত হৈ সংখ্যালঘু সম্প্ৰদায়ক ভাবুকি প্ৰদান কৰিছে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৰ কাম নাই বুলি কত্যক্ষ হাগ্ৰামাৰ। লোক সভা নিৰ্বাচনত কোনো দলৰ লগত মিত্ৰতাত নাথাকে বিপিএফ। অকলেই প্ৰতিদন্বিতা কৰিব লোক সভা নিৰ্বাচনত বিপিএফে। বিজেপি দলৰ আভ্যন্তৰীণ গৃহ কন্দলৰ ওপৰত কোনো মন্তব্য নাই হাগ্ৰামা মহিলাৰীৰ। বিজেপিৰ কৰ্মী, কংগ্ৰেছ কৰ্মী আৰু UPPL কৰ্মী বিপিএফৰ লগত যোগাযোগ অব্যাহত ৰাখিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

Also Read: চিলাপথাৰত বানত বিধ্বস্ত ৩০ খনৰো অধিক গাঁও