চিলাপথাৰত বানত বিধ্বস্ত ৩০ খনৰো অধিক গাঁও

ৰাজ্যত মূষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ চিলাপথাৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত বানত বিধ্বস্ত ৩০ খনৰো অধিক গাঁও

ডিজিটেল সংবাদ,ধেমাজিঃ ৰাজ্যত মূষলধাৰ বৰষুণৰ বাবে ধেমাজিৰ চিলাপথাৰৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে। ৩০ খনতকৈয়ো অধিক গাঁও বানত বেয়াকৈ বিধ্বস্ত হৈছে।

Advertisment

গাই নৈ আৰু বেওৰা নৈৰ বানৰ কবলত বিধ্বস্ত হৈছে আমগুৰি গাঁও পঞ্চায়তৰ বহুকেইখন গাঁও। গাইনৈয়ে গতি সলাই আমগুৰি পঞ্চায়তৰ মাজেৰে গতি কৰাত গাইনৈৰ বাঢ়নী পানীয়ে পঞ্চায়তটোৰ গড়মৰা, ৰহঢলা, গড়মৰা চাপৰি, গড়মৰা বাগিছা, বৰমুকলি কুলি, বৰমুকলি দেউৰী, ধূনাগুৰি বৰগঞা দেউৰী, আমগুৰি কলিতা, আমগুৰি কৈৱৰ্ত, আমগুৰি পাইত, আমগুৰি আহোম গাওঁ আদিকে কৰি প্ৰায় ৩০ খন গাঁৱৰ ভদীয়া বানৰ কবলত পৰিছে।

গাই নৈৰ নামনি অংশত মথাউৰি নথকা বাবেই বিগত কেইবাবছৰ একেৰাহে বানৰ কবলত পৰাত অঞ্চলটোৰ ৰাইজৰ দুখ-যাতনাই কুলাই-পাচিয়ে নধৰা অৱস্থা হৈছে । বানৰ ফলত কৃষিপথাৰ, শ শ পৰিয়ালৰ পশুধন পোহনীয়া জীৱ-জন্তুসমূহ চিচি বৰগাঁও-আমগুৰি গড়কাপ্তানি পথৰ ওপৰতে আশ্ৰয় দিব লগীয়া হৈছে।

সম্পূৰ্ণৰূপে বানত প্লাৱিত হোৱাত জুন মাহৰ পৰাই জলবন্দী হৈ একপ্ৰকাৰৰ আৱদ্ধ জীৱন পাৰ কৰিব লগীয়া হৈছে বুলি ৰাইজে মন্তব্য কৰিছে। কল গছৰ বুৰ নাৱেই একমাত্ৰ যাতায়তৰ ভৰসা হৈ পৰিছে বনাক্ৰান্তৰ। কিন্তু বৰ্তমানেও স্থানীয় সাংসদ-বিধায়ক ৰাইজৰ কাষত থিয় নিদিয়াৰ অভিযোগ তুলিছে ৰাইজে। শীঘ্ৰেই চৰকাৰক ফলপ্ৰসু ব্যৱস্থা ল'বলৈ আহ্বান জনাইছে বন্যাতই।

Also Read: মাজুলীৰ ঐতিহাসিক সত্ৰ-নামঘৰত চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ বাবে প্রাৰ্থনা