শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি সুদিপ্তাৰ সাফল্য…

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি সুদিপ্তাৰ সাফল্য…

author-image
asomiyapratidin
New Update
শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি সুদিপ্তাৰ সাফল্য…

ডিজিটেল সংবাদ, ওৰাং: ভৰিৰে ছবি অঁকা, শাৰীৰিক ভাৱে সক্ষম সুদিপ্তা ভৌমিক নামৰ ছাত্ৰী গৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাত। পৰীক্ষাৰ ফলাফলক লৈ বিশেষ ভাৱে সক্ষম সুদিপ্তাৰ মুখত আনন্দৰ হাঁহি। জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত ভৰিৰে লিখি পৰীক্ষা দিছিল সুদিপ্তাই।

Advertisment

চিৰাজুলি উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিছিল‌ সুদীপ্তাই। জন্মৰ পৰাই দুয়োখন হাত অচল আৰু ভালদৰে ডিঙিটো লৰ চৰ কৰিব নোৱাৰে সুদিপ্তাই। আজি সুদীপ্তাই অঞ্চলটো লৈ ভাল খৱৰ কঢ়িয়াই আনিলে। সুদীপ্তাই পঢ়া চিৰাজুলি উচ্চ ইংৰাজী বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু মাক দেউতাক সকলোৱে সুদীপ্তাৰ ফলাফলক আজি সুখী।

শিক্ষক সকলেও মিঠাইৰ টোপোলা আগবঢ়াই জনালে শুভাশিষ। আমাৰ সকলো আছে। ভগৱানে অকনো কাৰ্পণ্য কৰা নাই। তথাপিও আমাৰ 'নথকা'ৰ শেষ নাই। সুদীপ্তাক ভগৱানে হাত দুখন আৰু ডিঙিটো অচল কৰিলে, কিন্তু ভৰিৰে পৰীক্ষাত লিখি সুখ্যাতিৰে উত্তীৰ্ণ হৈ সুদিপ্তাই তাক প্ৰত্যাহ্বান জনাইছে। সুদীপ্তাই জীৱনক জয় কৰিছে আৰু আমি পৰাজয়-অসমৰ্থতাত অজুহাত বিচাৰি ফুৰিছো। সুদিপ্তাক দেখি জীৱনত কিবা নথকাৰ অজুহাত দিবলৈ হ'য়তো বহুতৰে ভৱিষ্যতে লাজ লাগিব। সুদিপ্তা প্ৰেৰণাৰ উৎস হওঁক।

আৰু পঢ়ক: মানকাচৰৰ মানুল্ল্যাপাৰা হাই স্কুলত চুৰি কাণ্ড, লুটি নিলে বহু লাখ টকাৰ সামগ্ৰী…

assam orang