/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/FLOOD.jpg)
ডিজিটেল সংবাদ, ওৰাং:- ৰাজ্যত অব্যাহত থকা নেৰানেপেৰা বৰষুণত ফলত ওদালগুৰি জিলাৰ ৰৌতাত বানৰ তাণ্ডৱ। কেইবাদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে ৰৌতাৰ বিস্তীৰ্ণ অঞ্চল। জিলাখনৰ মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত আমিনপাৰা, পানীখাইতি, সিধাখোৱা আদি অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে।
ফলত শ-শ বিঘা খেতিপথাৰ নষ্ট হোৱাৰ লগতে বান পানীৰ ফলত ৰাস্তা-ঘাট নষ্ট হৈ পৰিছে। বানপানীৰ ফলত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ। বানপানীৰ ফলত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ ভাঙি যোৱাৰ লগতে শ-শ ঘৰ-দুৱাৰ বুৰাই পেলাইছে বাঢ়নী পানীয়ে।
কোনোদিনে বানপানী নোহোৱা উক্ত অঞ্চলত এইবাৰ হঠাতে বানপানীৰ কবলত পৰাত ৰাইজ আতংকিত হৈ পৰিছে। ইফালে লাট মণ্ডলক লগত লৈ বান বিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় স্থানীয় ধনশ্ৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ ফ্ৰেছ মুছাহাৰীয়ে।
হাতত চেণ্ডেল লৈ একাঠু পানীৰ মাজেৰে গৈ বান পীড়িত লোক সকলৰ খবৰ লয় নেতা গৰাকীয়ে। বানৰ তাণ্ডৱত ক্ষতিগ্ৰস্ত লোক সকলক ক্ষতিপূৰণ দিবলৈ প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিচি চৰকাৰক আহ্বান জনায় বিপিএফৰ পাৰিষদ গৰাকীয়ে।
আৰু পঢ়ক: ওৰাঙত কৃত্ৰিম বানে চিঙিলে বগৰিবৰী-গৰুবন্ধা সংযোগী গড়কাপ্তানী পথ