বিজেপিৰ ভাইৰেল প্ৰাৰ্থী তালিকাত প্ৰাক্তন সাংসদ ৰমেন ডেকা!

বিজেপিৰ ভাইৰেল প্ৰাৰ্থী তালিকাক নস্যাৎ মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ ।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ ভাইৰেল প্ৰাৰ্থী তালিকাত প্ৰাক্তন সাংসদ ৰমেন ডেকা!

ডিজিটেল সংবাদ, ওৰাংঃ বিজেপিৰ ভাইৰেল প্ৰাৰ্থী তালিকাক নস্যাৎ মঙলদৈৰ প্ৰাক্তন সাংসদ ৰমেন ডেকাৰ । দলীয় নীতি-নিয়মৰ মাধ্যমেৰে প্ৰস্তুত হ'ব তালিকা । আগন্তুক লোকসভা নিৰ্বাচনৰ বিজেপিৰ ভাইৰেল প্ৰাৰ্থী তালিকাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । দৰং-ওদালগুৰি লোকসভা সমষ্টিত পুনৰ সাংসদ দিলীপ শইকীয়াৰ নাম সাম্ভাব্য তালিকাত থকা বুলি চৰ্চা চলি আছিল। কিন্তু এই তালিকা পোনচাতে নস্যাৎ কৰে প্ৰাক্তন সাংসদ ৰমেন ডেকাই।

Advertisment

দলীয় নীতি-নিয়মৰ আধাৰত, তৃণমূল কৰ্মী, সৰ্বসাধাৰণ ৰাইজৰ মতামতৰ ভিত্তিত ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃত্বই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম। ইতিমধ্যে বিভিন্ন দলীয় ছাৰ্ভে সমূহ চলি আছে বুলি ৰৌতাত উপস্থিত হৈ এইদৰে মন্তব্য আগবঢ়ায় প্ৰাক্তন সাংসদ ৰমেন ডেকাই ।

ইফালে শেষ বাৰৰ বাবে দৰং-ওদালগুৰিৰ পৰা নিৰ্বাচন খেলাৰ মন জেষ্ঠ বিজেপি নেতা ৰমেন ডেকাৰ। দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু সমষ্টিৰ অধিকাংশ অঞ্চলৰ সৰ্বসাধাৰণ লোকে তেওঁকে বিচৰা বুলি দাবী ৰমেন ডেকাৰ । ৰাইজৰ মতামত আৰু তেখেতৰ কৰ্মৰাজীক সন্মান জনাই দলীয় নেতৃত্বই শেষ বাৰৰ বাবে সুযোগ দিব বুলি আশা নেতা গৰাকীৰ।

Also Read: দ্বিতীয় টেষ্টত দ্বিশতক যশস্বী জয়ছোৱালৰ...

bjp Ex-MP RAMEN DEKA orang