বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জন, কথমপি প্ৰাণ ৰক্ষা ৭ বছৰীয়া কন্যাৰ…

বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জন, কথমপি প্ৰাণ ৰক্ষা ৭ বছৰীয়া কন্যাৰ…

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ, ওৰাং : মাজবাটৰ অসম অৰুণাচল সীমান্তৰ নিজৰা অঞ্চলত শোকাবহ ঘটনা। মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত নিজৰা অঞ্চলৰ কমলাবাৰীত বন্যহস্তীৰ আক্ৰমণত নিহত একেটা পৰিয়ালৰ ৩ জনকৈ লোক। নিহত নবীন বসুমতাৰী (৫৩), জামিনী বসুমতাৰী (৩৩) আৰু হাদানশ্বা বসুমতাৰী (১ বছৰ ৬ মাহ)।

Advertisment

নিশা বন্যহস্তীৰ এটা জাকে আক্ৰমণ চলাই কমলাবাৰীত। হাতীৰ জাকটোৱে ঘৰ বাৰি ভাঙি তহিলং কৰে। বন্যহস্তীৰ আক্ৰমণৰ পৰা কোনো মতে প্ৰাণ ৰক্ষা পৰে নিজৰা বসুমতাৰী নামৰ ৭ বছৰীয়া কিশোৰী গৰাকীৰ। একেটা পৰিয়ালৰ ৩ জন লোক হাতীৰ আক্ৰমণত মৃত্যু হোৱাত অঞ্চল জুৰি শোকৰ ছাঁ পৰিছে।

আৰু পঢ়ক : কলিয়াবৰত বন্যহস্তীৰ আক্ৰমনত নিহত এজন…

assam orang