প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বন্ধ কৰা বিতৰ্কিত তুলা উদ্যোগ পুনৰ মুকলিৰ যো-জা

প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বন্ধ কৰা বিতৰ্কিত তুলা উদ্যোগ পুনৰ মুকলিৰ যো-জা

ডিজিটেল সংবাদ, ওৰাংঃ জনবসতিপূৰ্ণ এলেকাত খেতি পথাৰৰ মাজত থকা ঢেকিয়াজুলিৰ ২ নং মেধিচুবুৰীৰ বিতৰ্কিত তুলা উদ্যোগ। নীতি বহিঃ ভূৰ্তভাৱে যাৱতীয় নথি পত্ৰৰ অবিহনে স্থাপন কৰা তুলা উদ্যোগটোৱে অঞ্চলটোত প্ৰদূষণ সৃষ্টিৰ লগতে জনস্বাস্থ্যলৈয়ো ভাবুকি কঢ়িয়াই আনিছিল ৷ ইয়াকলৈ শংকাত ভূগি স্থানীয় লোকে শোণিতপুৰ জিলা আয়ুক্ত, ঢেকিয়াজুলি ৰাজহ চক্ৰ বিষয়া, জিলা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড আৰু মুখ্যমন্ত্ৰীলৈয়ো অভিযোগ দিছিল৷

ঢেকিয়াজুলিৰ ২নং মেধিচুবুৰীত থকা ইক্ৰাম আলম মানঞ্চুৰি মালিকানাধীন তুলা উদ্যোগটোৰ নাছিল প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ প্ৰমান পত্ৰ৷ স্থানীয় লোকৰ অভিযোগৰ পিছতেই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে যোৱা ১আগষ্টত আদেশ নংPC/ROT COM-4/2404/15-16/132 এক নিৰ্দেশনাৰ জৰিয়তে মেধিচুবুৰ মালিকাধীন তুলা উদ্যোগটো বন্ধৰ নিৰ্দেশ দিয়ে ৷ সেই নিৰ্দেশ মৰ্মে বিগত এমাহ ধৰি বন্ধ হৈছিল এই উক্ত তুলা উদ্যোগটো ৷

কিন্তু এই তুলা উদ্যোগটো ইয়াৰ পৰা স্থানান্তৰিত কৰাৰ বিপৰীতে পুনৰ উদ্যোগৰ কাম কাজ আৰম্ভ কৰিছে৷ যাক লৈ এতিয়া শোণিতপুৰ জিলা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ভূমিকাত সন্দহজনক৷ প্ৰশাসন আৰু শোণিতপুৰ জিলা প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া -কৰ্মচাৰীৰ সৈতে গোপন মিতিৰালিৰে পুনৰ তুলা উদ্যোগ আৰম্ভ কৰাৰ অভিযোগ উঠিছে৷

উল্লেখ্য যে প্ৰয়োজনীয় নথি পত্ৰ নোহোৱাকৈ অবৈধ প্ৰক্ৰিয়াৰে উদ্যোগ স্থাপন কৰাৰ বাবে স্থানীয় লোকৰ অভিযোগত বিভাগীয় কৰ্তৃপক্ষই বন্ধ কৰা তুলা উদ্যোগ পুনৰ কেনেকৈ আৰম্ভ কৰাৰ যো-জা চলা বুলি স্থানীয় লোকে অভিযোগ তুলি ন্যায়ৰ দাবী কৰিছে৷

প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডে বন্ধ কৰা বিতৰ্কিত তুলা উদ্যোগ পুনৰ মুকলিৰ যো-জা
সন্তানসহ ৩০ ফুট তলত পৰিল গৰ্ভৱতী মহিলা, ওৰে নিশা মৃতদেহৰ ওচৰত বহি থাকিল ৪ বছৰীয়া শিশু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in