দিনজোৰা কাৰ্যসূচীৰে ওৰাঙত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো...

বিশ্ব পৰিৱেশৰ দিনটোত পুৱাৰে পৰা ব্যস্ততা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ।

author-image
Asomiya Pratidin
New Update
দিনজোৰা কাৰ্যসূচীৰে ওৰাঙত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো...

ডিজিটেল সংবাদ, ওৰাংঃ বিশ্ব পৰিৱেশৰ দিনটোত পুৱাৰে পৰা ব্যস্ততা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। এই উপলক্ষে সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে ৰৌতা, ওৰাং, মাজবাট আৰু ওদালগুৰিত উপস্থিত হয় বিটিআৰ প্ৰধান প্ৰমোদ বড়ো । বিপিএফৰ ১৭ বছৰীয়া সূতা কম্বলৰ ৰাজনীতিৰ পৰিৱৰ্তে শিক্ষা আৰু মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিছে বিটিচি চৰকাৰে।

Advertisment

আজি শিক্ষাৰ দিশত উজ্বলি উঠিছে বিটিচি অঞ্চল। সদ্য ঘোষিত হাইস্কুল‌ শিক্ষান্ত পৰীক্ষাত এইবেলি অসমৰ ভিতৰতে উত্তীৰ্ণৰ হাৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে বিটিচিৰ জিলা। আগন্তুক বোৰ্ড পৰীক্ষা সমূহত শীৰ্ষ দহত স্থান পাবলৈ সক্ষম হ'ব বিটিচিৰ চাৰি জিলাৰ ছাত্ৰ-ছাত্ৰীসকলে আশা প্ৰকাশ কৰিছে জিলাবাসীয়ে । বিটিচিত জ্ঞান চৰাং আঁচনিৰ জৰিয়তে বছৰি ৯২০০ দুখীয়া ছাত্ৰ-ছাত্ৰীক জলপানি দি আহিছে চৰকাৰে। আগন্তুক দিনত আৰু অধিক ছাত্ৰ-ছাত্ৰীক দিয়াৰ পৰিকল্পনা কৰিছে বিটিআৰ চৰকাৰখনে।

আনহাতে অনচাই বিথাংকি আঁচনিৰ জৰিয়তে দুখীয়া মহিলাসকলক আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে প্ৰমোদ বড়ো চৰকাৰে। আজি ওৰাঙত উপস্থিত হৈ এইদৰে মন্তব্য আগবঢ়ায় বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে।

পুৱা ১০ বজাত ওৰাং কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ত বৃক্ষৰোপনেৰে কেইবাটাও উন্নয়ন মূলক আচনিৰ আধাৰশিলা স্থাপন কৰে প্ৰমোদ বড়োৱে ৷ সমান্তৰালকৈ মাজবাট মহাবিদ্যালয়, বড়োবজাৰ, নলবাৰী আদি স্থানতো কেইবাটাও উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভণি কৰে বড়োৱে।

Also Read: ৰাখক নিজৰ কথা, গছৰ তলত আপুনিও পাতক বিধানসভা...

world environment day btr