কেবাটাও বৃহৎ আঁচনিৰ কথা ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

ৰৌতাবাসীৰ বাবে ভাল খবৰ। কেবাটাও বৃহৎ আঁচনিৰ কথা ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

author-image
Asomiya Pratidin
New Update
কেবাটাও বৃহৎ আঁচনিৰ কথা ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

ডিজিটেল সংবাদ, ওৰাংঃ ৰৌতাবাসীৰ বাবে ভাল খবৰ। কেবাটাও বৃহৎ আঁচনিৰ কথা ঘোষণা বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ। ৰৌতাত শীঘ্ৰেই আৰম্ভ হ'বলৈ গৈ আছে অৰগেনিক ইউনিভাৰচিটিৰ কেম্পাচ।

Advertisment

৫ কোটি ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব এখন ষ্টেডিয়াম। ৰৌতাত এটি অত্যাধিক মানদণ্ডৰ চিনেমা হ'ল নিৰ্মাণ কৰাৰ লগতে ৰৌতাৰ সৰ্বহেৰুৱাত বিকল হৈ থকা Cold Storageত Foot Park লৈ পৰিবৰ্তন কৰাৰ পৰিকল্পনা কৰিছে বিটিচি চৰকাৰে। ওদালগুৰি জিলাৰ ৰৌতাত এক দলীয় সভাত অংশগ্ৰহন কৰি এই বৃহৎ আঁচনি হাতত লোৱাৰ কথা ঘোষণা কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে।

ইয়াৰ উপৰিও ৰৌতাত সাহিত্য সভা, সামাজিক সংগঠন, অনুষ্ঠান -প্ৰতিষ্ঠানৰ ভৱন, কাৰ্যালয় নিৰ্মাণ কৰি দিয়াৰ আঁচনি হাতত লোৱাৰ কথা সদৰি কৰে প্ৰমোদ বড়োৱে।

Also Read: মিজোৰামৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ ১০ কুকি বিধায়ক-নাগৰিক সমাজৰ