/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/orang.jpg)
ডিজিটেল সংবাদ, ওৰাং : উত্তৰ পূৱ সংখ্যালঘু ছাত্ৰ সন্থা (নেমছুৰ) সভাপতি বদৰুল ইছলামে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে – সংখ্যালঘুক নহয় আজমলক উচ্ছেদ কৰক বিজেপিয়ে। বদৰুদ্দিন আজমল মুছলমানৰ শত্ৰু। সংখ্যালঘুৱে বিজেপিৰ বিৰুদ্ধাচৰণ কৰাতকৈ আজমল আৰু এ আই ইউ ডি এফৰ বিৰুদ্ধাচৰণ কৰক। উচ্ছেদ আৰু মাদ্ৰাছা ধংসক লৈ এ আই ইউ ডি এফ বিধায়কে মৌনতা অবলম্বন কৰিছে।
চৰকাৰে চলোৱা উচ্ছেদ প্ৰক্ৰিয়া বৈষম্যমূলক হৈছে। বৰছলা সমষ্টিৰ উচ্ছেদৰ সমান্তৰাল কৈ ঢেকিয়াজুলি সমষ্টিৰ উত্তৰ দিশত ২ লাখ সোণাই ৰূপাই অভয়াৰণ্যৰ বেদখকাৰীক উচ্ছেদ কৰক। উচ্ছেদৰ পৰিবৰ্তে বৰপীৰা পাৰি দি মাটিৰ পট্টা প্ৰদান কৰিছে সোণাই ৰূপাই অভয়াৰণ্যৰ বেদখলকাৰীক। কিন্ত বৰছলা সমষ্টিৰত একমাত্ৰ ধৰ্মীয় সংখ্যালঘু হোৱাৰ বাবে উচ্ছেদ চলিব। ধৰ্মীয় সংখ্যালঘু নোহোৱাৰ বাবেই সোণাই ৰূপাইৰ বেদখলকাৰীক উচ্ছেদ চলোৱা হোৱা নাই বুলিও মন্তব্য কৰে তেওঁ।
লগতে তেওঁ কয় যে সাম্প্ৰদায়িকতা হোৱাৰ মূল কাৰণ বদৰুদ্দিন আজমল। সংখ্যালঘু লোক সকলে আজমল আৰু এ আই ইউ ডি এফক উৎখাত নকৰিলে শান্তিত থাকিব নোৱাৰিব। বিজেপিক উৎখাত কৰাৰ পূৰ্বে আজমলক উৎখাত কৰিব লাগিব সংখ্যালঘু সকলে। আজমলৰ বাবেই অসমৰ সংখ্যালঘু সকলৰ অত্যাচাৰ উৎপিৰণ আৰাম্ভ হৈছে।
একমাত্ৰ আৰ এছ এছক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোক সকলক উচ্ছেদ চলাইছে। বজাৰত মূল্য বৃদ্ধিৰ সময়তে ইচ্ছু বিপথে পৰিচালিত কৰিবলৈ সাম্প্ৰদায়িক ৰূপ দি হিন্দু-মুছলমান, মছজিদ-জেহাদী আদিৰ আশ্ৰয় লৈছে চৰকাৰে – এইদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে বদৰুল ইছলামে।