অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল ধনশ্ৰীঘাটৰ ফুংখা বড়ো...

দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথাকে প্ৰতিপন্ন কৰিলে ওৰাঙৰ যুৱক ফুংখা বজ়োৱে

author-image
Asomiya Pratidin
New Update
অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল ধনশ্ৰীঘাটৰ ফুংখা বড়ো...

orang apsc

ডিজিটেল সংবাদ, ওৰাং : দৰিদ্ৰতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে। এই কথাকে প্ৰতিপন্ন কৰিলে ওৰাঙৰ যুৱক ফুংখা বজ়োৱে। সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল ওৰাঙৰ ধনশ্ৰীঘাটৰ জামুগুৰি গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ফুংখা বড়োয়ে।

Advertisment

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ২০ নম্বৰত স্থান দখল কৰিলে ফুংখা বড়োৱে। ফুংখা বড়োৰ এই সফলতাক লৈ আনন্দিত সমগ্ৰ ধনশ্ৰীঘাটবাসী। অতি পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে ফুংখা বড়োৱে। অতি দৰিদ্ৰ পৰিয়ালৰ ফুংখা বড়োৱে নিজেই টিউচন কৰি নিজে পঢ়া শুনা কৰাৰ খৰচ উলিয়াই আজি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত স্থান লাভ কৰিবলৈ সক্ষম হ'ল।

বিদ্যালয়ত পঢ়া দিনতেই পিতৃ-মাতৃক হেৰুৱাই নিথৰুৱা হৈছিল ফুংখা বড়ো। দুই ভাতৃয়ে জীৱন সংগ্ৰাম চলাই আজি সফলতাৰ মুখ দেখিবলৈ সক্ষম হয়। ফুংখা বড়োৰ পঢ়িবলৈ নাছিল টেবুল। বিচনাতে পঢ়ি লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হ'ল ফুংখা বড়ো। ফুংখা বড়োৰ এই সফলতাৰ যাত্ৰাত সহায়, সাহস আৰু প্ৰেৰণা যোগাইছিল তেওঁৰ এইৰাকী বাইদেউয়েকে।

একাগ্ৰতা আৰু নিজৰ চেষ্টাৰ বলত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ল ফুংখা বড়োৱে। পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা ফুংখা বড়ো সকলোৰে বাবে প্ৰেৰণা হওঁক।

assam apsc orang