চাহ বাগিচাত উচ্ছেদ; চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ধিক্কাৰ আছাৰ…

চাহ বাগিচাত উচ্ছেদ; চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ধিক্কাৰ আছাৰ…

author-image
asomiyapratidin
New Update
চাহ বাগিচাত উচ্ছেদ; চৰকাৰৰ হঠকাৰী সিদ্ধান্ত ধিক্কাৰ আছাৰ…

ডিজিটেল সংবাদ, শিলচৰ: বৰাক উপত্যকাৰ শিলচৰত অৱস্থিত ডুলু চাহ বাগিছাৰ ভূমি আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰি বাগিছা উচ্ছেদ কৰা কাৰ্যক লৈ ৰাজ্য উত্তাল হৈ আছে। বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্তক ধিক্কাৰ আছাৰ কেন্দ্ৰীয় সমিতিৰ।

Advertisment

চাহ শ্ৰমিকৰ ভোটেৰে চৰকাৰ গঠন কৰি চাহ শ্ৰমিকক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপি। ৩০০০ চাহ শ্ৰমিকৰ জীৱন অন্ধকাৰলৈ থেলি দিয়াৰ অভিযোগ আছাৰ। বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে কৰা মন্তব্যক উভতি ধৰিলে আছাই।

বাংলাদেশী নাগৰিকৰ দৰে চাহ জনগোষ্ঠীৰ লোকক খেদি পঠিওৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ আছাৰ। ৰাজভঁৰালত টনকীয়াল কৰা চাহ শ্ৰমিকৰ ওপৰত এনে অত্যাচাৰ সহ্য কৰা নহ'ব। বিজেপি চৰকাৰে আদিবাসী চাহ শ্ৰমিকৰ কোনো দিনে ভাল চিন্তা কৰা নাই।

চাহ শ্ৰমিকক পেটে ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে বিজেপিয়ে। চাহ জনগোষ্ঠীয় নেতাৰ ওপৰতো ক্ষোভ আছাৰ। চাহ জনগোষ্ঠীয় নেতাই চাহ শ্ৰমিকৰ কথা নকৈ চৰকাৰক ৰক্ষণাবেক্ষণ কৰাৰ অভিযোগ আছাৰ। চাহ শ্ৰমিকৰ বিপদৰ সময়ত মাত নামাতে চাহ জনগোষ্ঠীয় নেতাই।

চাহ শ্ৰমিক পুনৰ সংস্থাপন ব্যৱস্থা গ্ৰহণৰ দাবী আছাৰ। চাহ জনগোষ্ঠীক নিশেষ কৰা সিদ্ধান্তৰ পৰা বিৰত থাকিবলৈ আহ্বান আছাৰ কেন্দ্ৰীয় সমিতিৰ। ওৰাঙত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এই প্ৰতিক্ৰিয়া।

আৰু পঢ়ক: বৰষুণৰ মাজতেই ভূমিকম্পই জোকাৰি গ'ল অসম

assam Silchar