৪ দিনে নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ, চিন্তিত পৰিয়াল

৪ দিনে নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ, চিন্তিত পৰিয়াল

author-image
Asomiya Pratidin
New Update
  ৪ দিনে নিৰুদ্দেশ সপ্তম শ্ৰেণীৰ ছাত্ৰ, চিন্তিত পৰিয়াল

ডিজিটেল সংবাদ, ওৰাংঃ ৪ দিনে নিৰুদ্দেশ ওৰাং চাহ বাগিচাৰ এগৰাকী ১৪ বছৰীয়া ছাত্ৰ ৷ টিউচনলৈ ওলাই যোৱাৰ পৰাই নিৰুদ্দেশ ছাত্ৰ জন।‌ নিৰুদ্দেশ হোৱা ছাত্ৰ জন ওৰাং চাহ বাগিচাৰ ১৪ নম্বৰ লাইনৰ সুনীল তান্তিৰ পুত্ৰ দ্বীপজ্যোতি তান্তি।

Advertisment

সপ্তম শ্ৰেণীৰ ছাত্ৰ গৰাকীৰ নিৰুদ্দেশৰ ঘটনাই পৰিয়ালটোক চিন্তিত কৰাৰ লগতে পৰিয়ালটোৰ মাজত শোকৰ ছাঁ পৰিছে । ইতিমধ্যে পৰিয়ালৰ লোকে ছাত্ৰ জনৰ নিৰুদ্দেশ হোৱাৰ সন্দৰ্ভত ওৰাঙ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

নিৰুদ্দিষ্ট দ্বীপজ্যোতি তান্তিৰ সন্ধান নাপাই শোঁকত ভাগি পৰিছে পৰিয়ালটো। কোনো সদাশয় লোকে ছাত্ৰ গৰাকীৰ সন্ধান পালে ৯৩৬৫৮৩৮৪৬৩ আৰু ৭০৮৬৮৮০৬১৯ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটিয়ে। উল্লেখযোগ্য যে ছাত্ৰ গৰাকীৰ পিতৃ ইয়াৰ পূৰ্বে নিৰুদ্দেশ হৈছিল। আজিও সন্ধান নাই ছাত্ৰ গৰাকীৰ পিতৃৰ। পিতৃ আৰু পুত্ৰ নিৰুদ্দেশ হোৱাৰ পিছত শোকক ভাঙি পৰিছে দুৰ্ভগীয়া মাতৃ গৰাকী।

Also Read: আত্মসমৰ্পনঃ মূলসূতিলৈ উভতিল ৪ জনকৈ আলফা(স্বা) কেডাৰ

Assam police