চাপৰত শোভাযাত্রাৰে লোকসভা নির্বাচনৰ ৰণদুন্দুভি বজালে বিৰোধী ঐক্যমঞ্চই

বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰালে বিজেপি পৰাজয় হোৱাটো নিশ্চিত : আপ সভাপতি ডাঃ ভবেন চৌধুৰী।
চাপৰত শোভাযাত্রাৰে লোকসভা নির্বাচনৰ ৰণদুন্দুভি বজালে বিৰোধী ঐক্যমঞ্চই

ডিজিটেল সংবাদ,চাপৰ : আগন্তুক লোকসভা নিৰ্বাচনকলৈ সাজু হৈ উঠিছে বিৰোধী ঐক্যমঞ্চ। বুধবাৰে লোকসভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্যমঞ্চই জননেতা শৰৎ চন্দ্ৰ সিংহৰ ওপজা ঠাই চাপৰৰ পৰা ৰণডংকা বজায়।

এই উপলক্ষে চাপৰস্থিত 'অঞ্জলি কমপ্লেক্সত এখন প্রতিনিধিত্বমূলক সভাৰ লগতে গান্ধী ময়দানত বিশাল ৰজহুৱা সভা আৰু শোভাযাত্রা অনুষ্ঠিত কৰে। সভাত ১৫ টা ৰাজনৈতিক দলৰ লগতে 'আম আদমি পার্টী'ৰ অসম ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী উপস্থিত থাকে।

আপ সভাপতি ডা০ চৌধুৰীয়ে আগন্তুক নির্বাচনত বিৰোধীয়ে উমৈহতীয়া প্রার্থী থিয় কৰালে বিজেপি পৰাজয় হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে। সভাত আপৰ সভাপতিগৰাকীয়ে ৰাজ্যখনৰ লোকসভা আসনৰ কোন সমষ্টিৰ পৰা বিৰোধী ঐক্যমঞ্চৰ কোনটো দলে ঐক্যবদ্ধভাৱে প্রার্থী থিয় কৰাব তাৰ প্ৰাৰম্ভিক আলোচনাও কৰে।

ইয়াৰোপৰি বিৰোধী ঐক্যশক্তিক আৰু অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত আজিৰ এই সভাই পদক্ষেপ গ্রহণ কৰা বুলি উল্লেখ কৰে। 'আপ' দলৰ পৰা অসমত মুঠ ৫টা সমষ্টিত প্রতিদ্বন্দিতা কৰাৰ বাবে প্রার্থী তালিকা ঊর্দ্ধতন সমিতিলৈ প্রেৰণ কৰিছে বুলি জানিবলৈ দিয়ে।

দলটোৱে বৰপেটা, ধুবুৰী, গুৱাহাটী, তেজপুৰ আৰু ডিব্ৰুগড় সমষ্টিকেইটাত প্রতিদ্বন্দিতা আগবঢ়াব বুলি উল্লেখ কৰে।

চাপৰত শোভাযাত্রাৰে লোকসভা নির্বাচনৰ ৰণদুন্দুভি বজালে বিৰোধী ঐক্যমঞ্চই
ব্যৰ্থ ৰোহিত-গীল : ৰাহুলৰ শতকেৰে ভাৰতৰ সন্তোষজনক স্ক'ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in