/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/6088922f-9486-4f84-8d10-a12f34ddada1/AP_FOR_WEB_modi__3_.jpg)
সলনি হৈছে আন্দোলনৰ তাৰিখঃ আছুৰ পিছত বিৰোধী ঐক্যৰো অনুৰূপ সিদ্ধান্ত
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম আগমনে লগাইছে খেলিমেলি। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা কৰিও বাৰে বাৰে পিছুৱাইছে বিভিন্ন দল, সংগঠন আৰু বিৰোধী ৰাজনৈতিক দল, নেতাই।
সদৌ অসম ছাত্ৰ সন্থাই প্ৰথমে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰীকৰণৰ বিৰোধিতাৰে প্ৰতিবাদৰ সূচী প্ৰকাশ কৰিছিল যদিও প্ৰথমে মেট্ৰিক পৰীক্ষাৰ বাবে আন্দোলনৰ কাৰ্যসূচী পিছুৱাই দিয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমণৰ বাবেও ৯ মাৰ্চৰ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।
ইয়াৰ পিছতে বিৰোধী ঐক্য মঞ্চয়ো ৯ মাৰ্চত ঘোষণা কৰা আন্দোলনৰ কাৰ্যসূচীত সালসলনি কৰিছে। বিৰোধী ঐক্যমঞ্চই ৯ মাৰ্চৰ পৰিৱৰ্তে এদিন আগুৱাই ৮ মাৰ্চত এই কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জনাইছে।
বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে স্বাক্ষৰ কৰা এক বিজ্ঞপ্তিত কৈছে- বিৰোধী ঐক্য মঞ্চ, অসমে ৯ মাৰ্চ তাৰিখে কাজিৰঙা সমষ্টিৰ কলিয়াবৰত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছিল। কিন্তু টাই আহোম ছাত্ৰ সন্থাই ৰাজহুৱাকৈ আহ্বান জনাইছিল যে ৯ মাৰ্চত কাৰ্যসূচীতো ল’ব নালাগে। টাই আহোম ছাত্ৰ সন্থাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিৰোধী ঐক্য মঞ্চ, অসমৰ ৯ মাৰ্চ তাৰিখৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী আমি ৮ মাৰ্চলৈ আগুৱাই দিছো। এতিয়া একে স্থানতে একে সময়তে ৯ মাৰ্চৰ পৰিৱৰ্তে ৮ মাৰ্চত অৱস্থান ধৰ্মঘট কাৰ্যসূচী বিৰোধী ঐক্য মঞ্চ অসমে ৰূপায়ণ কৰিব।