/asomiyapratidin/media/media_files/2025/06/11/FbBBTQIUj6aCz9k8GYRO.jpg)
ডিজিটেল ডেস্কঃ অসমৰ দুখনকৈ ৰাজ্যসভাৰ আসনৰ নিৰ্বাচনৰ বাবে বিজেপি আৰু অসম গণ পৰিষদ দলৰ দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিলৰ পিছতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আইন উলংঘনৰ অভিযোগ উত্থাপন কৰি দুয়োগৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিলৰ বাবে দাবী জনাইছে।
উল্লেখ্য যে, অসমৰ দুখনকৈ খালী হোৱা ৰাজ্যসভাৰ আসনৰ বাবে বিজেপিয়ে প্ৰবীণ বিজেপি নেতা তথা একালৰ কেন্দ্ৰীয় মন্ত্ৰী কবিন্দ্ৰ পুৰকায়স্থৰ পুত্ৰ কনাড পুৰকায়স্থ আৰু মিত্ৰ দল অসম গণ পৰিষদে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে পুনৰ এবাৰ প্ৰক্ষেপ কৰিছে। দুয়োগৰাকী নেতাই যোৱা ৯ জুনত মনোনয় দাখিলৰ পিছত ১১ জুন, ২০২৫ ত নাজিৰাৰ কংগ্ৰেছ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই নিৰ্বাচনী বিষয়ালৈ এক পত্ৰ প্ৰেৰণ কৰি অভিযোগ কৰিছে যে, তেওঁলোকৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত আছিল অসম চৰকাৰৰ অতিৰিক্ত মহাধিবক্তা পদ্মধৰ নায়ক আৰু কেইবাজনো চৰকাৰী আইন বিষয়া।
পদ্মধৰ নায়কক অসম চৰকাৰৰ ন্যায় বিভাগৰ অধীনত ২৬ মাৰ্চ, ২০২৫ তাৰিখে অসমৰ ৰাজ্যপালৰ অনুমোদন ক্ৰমে এই পদত নিযুক্ত দিয়া হৈছিল। বিধায়ক শইকীয়াই উল্লেখ কৰে যে, নিৰ্বাচনী প্ৰক্ৰিয়াত চৰকাৰী কৰ্মচাৰীসকলৰ সম্পৃক্ততা ৰোধ কৰিবলৈ "Representation of the People Act, 1951"-ৰ ধাৰা ১৩৪(এ) অনুসৰি যিকোনো চৰকাৰী সেৱাত থকা ব্যক্তি কোনো প্ৰাৰ্থীৰ নিৰ্বাচনী এজেণ্ট, ভোট গণনাৰ এজেণ্ট হিচাপে কাম কৰিব নোৱাৰিব। ইয়াৰ উলংঘন কৰিলে ৩ মাহলৈ কাৰাবাস হ’ব পাৰে বুলিও আইনত উল্লেখ আছে।
তেওঁ লগতে কয়, পদ্মধৰ নায়ক আৰু আন চৰকাৰী আইন বিষয়াসকলে নিৰ্বাচনী মনোনয়ন প্ৰক্ৰিয়াত নিজে উপস্থিত থাকি ৰাজনৈতিক পক্ষপাতিত্বৰ পৰিচয় দিছে, যিয়ে “স্বচ্ছ আৰু নিৰপেক্ষ” নিৰ্বাচনৰ মূল নীতিৰ প্ৰতিয়েই প্ৰশ্ন উত্থাপিত কৰিছে। এই অভিযোগৰ প্ৰমাণ হিচাপে শইকীয়াই ফটোও দাখিল কৰি ৰাজ্যপাল আৰু নিৰ্বাচনী আয়োগৰ হস্তক্ষেপ বিচাৰিছে।
লগতে, তেওঁ অতিৰিক্ত মহাধিবক্তা পদ্মধৰ নায়ক আৰু আন বিষয়া সকলে প্ৰাৰ্থীৰ মনোনয়ন পত্ৰত সাক্ষৰ কৰিছে নেকি, নতুবা কোনো নথি স্বাক্ষৰ-সাক্ষ্য দিছে নেকি তাৰো তদন্তৰ দাবী জনাইছে। যিহেতু এতিয়ালৈকে প্ৰাৰ্থীৰ শপতনামা বা মনোনয়ন নথি জনসাধাৰণৰ বাবে উপলব্ধ হোৱা নাই সেয়ে এই সঠিক তথ্য লাভ কৰিব পৰা নাই।