Advertisment

পুনৰ ঐক্যবদ্ধ হ'ব বিৰোধীঃ এইবাৰ বিৰোধীক একত্ৰিত কৰিব হীৰেন গোহাঁইসহ ৬ বিশিষ্ট ব্যক্তিয়ে...

২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে। তাৰ মাজতেই পুনৰ এবাৰ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে।

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
পুনৰ ঐক্যবদ্ধ হ'ব বিৰোধীঃ এইবাৰ বিৰোধীক একত্ৰিত কৰিব হীৰেন গোহাঁইসহ ৬ বিশিষ্ট ব্যক্তিয়ে...

ডিজিটেল ডেস্কঃ ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা আৰম্ভ হৈছে। তাৰ মাজতেই পুনৰ এবাৰ বিৰোধী ঐক্য গঠনৰ কুচকাৱাজ আৰম্ভ হৈছে। এইবাৰ বিৰোধী ঐক্য গঠনৰ নেতৃত্ব বহন কৰিছে  বিশিষ্ট চিন্তাবিদ, বুদ্ধিজীৱি, শিক্ষাবিদ ড০ হীৰেন গোঁহাইসহ ৰাজ্যৰ ৬ গৰাকী বিশিষ্ট ব্যক্তিয়ে।

Advertisment

শনিবাৰে এই সন্দৰ্ভত জালুকবাৰীৰ হোটেল 'আতিথ্য'ত সন্ধিয়া ঠিক ৫ বজাত অনুষ্ঠিত হব প্ৰথমখন বৈঠক। এই বৈঠকত উপস্থিত থাকিব ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ উপৰিও ৰাইজৰ দল, অসম জাতীয় পৰিষদসহ অন্যান্য বিৰোধী দলসমূহৰ শীৰ্ষ নেতৃত্ব।

অৱশ্যে ৰাজ্যৰ সকলো বিৰোধী দলক একেখন মঞ্চলৈ আনি শক্তিশালী বিৰোধী ঐক্য গঠনৰ পোষকতা কৰা হৈছে যদিও বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফক এই বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। এই দলটোক ঐক্যবদ্ধ বিৰোধীত স্থান দিয়াৰো পক্ষত নাই।

মন কৰিবলগীয়া যে, ৰাজ্যত ঐক্যবদ্ধ বিৰোধীৰ নামত যোৱা সময়ছোৱাত ৰাজনৈতিক দলসমূহৰ মাজত কেৱল বৈঠকৰ পাছত বৈঠক অনুষ্ঠিত হল যদিও দৰাচলতে বিৰোধীৰ মাজত কোনো ঐক্য দেখিবলৈ পোৱা নগল। ৫ টাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত বিহালী সমষ্টিক কেন্দ্ৰ কৰি ভাঙি থানবান হৈছিল এই বিৰোধী ঐক্য।

তাৰ পাছৰে পৰা পুনৰ বিৰোধীৰ ঐক্য প্ৰসংগত ৰাজনৈতিক নেতৃত্বই কথাৰ চুপতি মাৰি, এজনে আনজনক সমালোচনা কৰিয়েই সময় পাৰ কৰিছে। শক্তিশালী শাসকীয় বিজেপিৰ বিৰুদ্ধে ৰণ কৌশল প্ৰস্তুতি কৰি তৃণমূল পৰ্যায়ত কাম কৰাৰ সময়তো এই দলসমূহে কেৱল নিজৰ মাজতেই আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে।

এনে পৰিস্থিতিতেই ৰাজ্যৰ বিজেপি বিৰোধী ভোটাৰক ধৰি ৰাখিবলৈ, বিজেপিৰ বিৰুদ্ধে গঢ়ি উঠা জনমতক শক্তিশালী কৰিবলৈ আৰু ৰাইজক বিকল্প ৰাজনীতিৰ পথ দেখুৱাবলৈ পুনৰ এবাৰ ড০ হীৰেন গোহাঁইৰ নেতৃত্ব হৰেকৃষ্ণ ডেকা, আব্দুল মান্নান, শান্তনু বৰঠাকুৰ, অজিত ভূঞা আৰু পৰেশ মালাকাৰ বিৰোধীক ঐক্যবদ্ধ কৰাৰ বাবে চলোৱা এই প্ৰচেষ্টা কিমানদূৰ ফলপ্ৰসূ হব সেয়া অৱশ্যে সময়ে কব। কিন্তু শনিবাৰে অনুষ্ঠিত হবলগীয়া বৈঠকে অসমৰ আগন্তুক ৰাজনৈতিক পৰিবেশ, পৰিস্থিতি সন্দৰ্ভত যে এক বাৰ্তা দিব সেয়া নিশ্চিত।

বিৰোধী মিত্ৰজোঁট বিৰোধী ঐক্য মঞ্চ ড০ হীৰেন গোঁহাই