আজিও পুৰণিকলীয়া পদ্ধতিত শিক্ষাদান এটা অংগনাবাদী কেন্দ্ৰত! আহঁত গছৰ তলত পঢ়ুৱাই কণ কণ শিক্ষাৰ্থীক…

আজিও পুৰণিকলীয়া পদ্ধতিত শিক্ষাদান এটা অংগনাবাদী কেন্দ্ৰত! আহঁত গছৰ তলত পঢ়ুৱাই কণ কণ শিক্ষাৰ্থীক…

author-image
asomiyapratidin
New Update
আজিও পুৰণিকলীয়া পদ্ধতিত শিক্ষাদান এটা অংগনাবাদী কেন্দ্ৰত! আহঁত গছৰ তলত পঢ়ুৱাই কণ কণ শিক্ষাৰ্থীক…

ডিজিটেল সংবাদ,‌ মঙলদৈ : আজিও পুৰণিকলীয়া পদ্ধতিত শিক্ষাদান এটা অংগনাবাদী কেন্দ্ৰত ৷ কক্ষৰ অভাৱত আহঁত গছৰ তলত পাঠদান কৰোৱা হয় কণ কণ শিক্ষাৰ্থীক ৷ যিটো সময়ত শিশু শিক্ষাৰ কাৰণে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বিভিন্ন আচনি গ্ৰহণ কৰিছে তেনে সময়তে মঙলদৈৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ মোৱামাৰী গাও পঞ্চায়তৰ অন্তৰ্গত গেৰিমাৰী গাঁওৰ বিদ্যানগৰ অংগনাবাদী কেন্দ্ৰৰ এনে অৱস্থা দুখজনক ৷ ভাঙি চিঙি যোৱা তৰ্জা বেৰ ,এচলীয়া টিনৰ চালিৰ কেন্দ্ৰ তোৰ শিক্ষয়িত্ৰীয়ে কণ কণ শিশু সকলক গছৰ তলত পাঠদান কৰি আহিছে ৷ ৰাইজে সকলো দিশতে সহায় সহযোগ কৰি অহাৰ পাছতো হৈ নুঠিল বিদ্যালয় গৃহটি ৷

Advertisment

উল্লেখ্য যে, বিদ্যালয় গৃহটি নিৰ্মাণ নোহোৱাৰ আৰত মোৱামাৰী গাওঁ পঞ্চায়তৰ সদস্যজনৰ ভূমিকাৰ কথা উল্লেখ কৰে স্থানীয় ৰাইজে ৷ কিয়নো এক-ডেৰ বছৰ আগতে অংগনাবাদী কেন্দ্ৰৰ নামত আৱৰ্তিত ধনেৰে সদস্য গৰাকীয়ে আন ক'ৰবাত গৃহ নিৰ্মাণ কৰা বুলি ৰাইজে অভিযোগ তোলে। লগতে এই বিষয়ে এক তদন্তৰ দাবী কৰে অংগনাবাদী কেন্দ্ৰৰ অভিভাৱক সকলে।

আৰু পঢ়ক : দুলীপ ট্ৰফীৰ পূব মণ্ডল দলত অসমৰ ৰিয়ান পৰাগ আৰু মুখতাৰ হুছেইন…

assam ranoj pegu education dept mangaldai