/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/06b73df7-71dc-4227-865c-3066712461d4/onl.jpg)
online shopping
ডিজিটেল সংবাদ, চিৰাং : অনলাইন ব্যৱসায়ৰ নামত গ্ৰাহকক প্ৰবঞ্চনা । অনলাইনত অৰ্ডাৰ দিছিল হাত ঘড়ীৰ কিন্তু তাৰ পৰিবৰ্তে গ্ৰাহকে লাভ কৰিলে দুটা পিয়াজ । চিৰাঙৰ পানবাৰীত অনলাইন সামগ্ৰী ক্ৰয় কৰি এজন গ্ৰাহকে প্ৰৱঞ্চনাৰ চিকাৰ হোৱাৰ ঘটনা সংঘটিত হৈছে ।
প্ৰাপ্ত খবৰ অনুযায়ী পানবাৰী অঞ্চলৰ মহিদুল ইছলাম নামৰ এজন লোকে কিছুদিন পূৰ্বে ফ্লিপকাৰ্ট প্ৰতিষ্ঠানত অনলাইন যোগে এটা হাত ঘড়ীৰ অৰ্ডাৰ কৰিছিল। সোমবাৰে অৰ্ডাৰ অনুযায়ী বিজনীৰ ডেলিভাৰী বয় প্ৰশান্ত কৰ্মকাৰ আৰু সুব্ৰত মল্লিকে মহিদুল ইছলামক অৰ্ডাৰ কৰা পাৰ্চেল প্ৰদান কৰি কেচ-অন-ডেলিভাৰী নিয়ম অনুসৰি পাৰ্চেলৰ মূল্য ১৪৯৯ টকা আদায় কৰি লয়।
কিন্তু ডেলিভাৰী বয় দুজনৰ সন্মুখতে পাৰ্চেল খোলাৰ পিছত গ্ৰাহক মহিদুল ইছলামৰ চকু কপালত উঠে । কাৰণ পাৰ্চেলটোৰ ভিতৰৰ পৰা অৰ্ডাৰ অনুযায়ী ঘড়ীৰ ঠাইত ওলাই পৰে দুটাকৈ পিয়াজ । ফলস্বৰূপ লাগি যায় অথন্তৰ ।
প্ৰৱঞ্চনাৰ চিকাৰ হোৱা গ্ৰাহকজনে টকা ওভতাই বিচাৰে, প্ৰথমাৱস্থাত ডেলিভাৰী বয় দুজনে কিছু আপত্তি কৰিছিল যদিও পিছত উপায়ন্তৰ হৈ পাৰ্চেল বাবদ লোৱা ১৪৯৯ টকা মহিদুল ইছলামক ওভতাই দিয়াত পৰিস্থিতিৰ শাম কাটে । কিন্তু ফ্লিপকাৰ্টৰ দৰে এটা আগশাৰীৰ অনলাইন প্ৰতিষ্ঠান এটাই গ্ৰাহকক প্ৰবঞ্চনা কৰা বিষয়টো অঞ্চলটোৰ ৰাইজে সহজভাৱে মানি লব পৰা নাই ।