নগাঁও আৰক্ষীৰ জালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবঞ্চক চক্ৰৰ সদস্য

নগাঁও আৰক্ষীৰ জালত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবঞ্চক চক্ৰৰ সদস্য

author-image
asomiyapratidin
New Update
নগাঁও আৰক্ষীৰ জালত  ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবঞ্চক চক্ৰৰ সদস্য

ডিজিটেল সংবাদ , নগাঁও : অনলাইন যোগে ভূৱা তথ্যৰে সামগ্ৰী ক্ৰয় কৰি প্ৰবঞ্চনা কৰা চক্ৰৰ এজন সদস্যক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰবঞ্চক চক্ৰটোৰ সদস্য জন হৈছে আবু চালমান ৷ প্ৰবঞ্চক চালমানৰ ঘৰ মৰিগাঁও জিলাৰ মৈৰাবাৰীত ৷

দেশব্যাপি থকা এই প্ৰবঞ্চক চক্ৰটোয়ে অন লাইন যোগে ই এম আই ভিত্তিত সামগ্ৰী ক্ৰয় কৰে ৷ সামগ্ৰী ক্ৰয় কৰোতে ভূৱা আধাৰ কাৰ্ড , ভূৱা পান কাৰ্ড আদি ব্যৱহাৰ কৰে ৷ দাখিল কৰে বেংকৰ একাউন্ট নম্বৰো ৷ সেই মৰ্মে সামগ্ৰী উৎপাদন কৰা কোম্পানীয়ে কুৰিয়াৰ যোগে সামগ্ৰী প্ৰেৰণ কৰে ৷ কুৰিয়াৰ পৰা চক্ৰটোৰ এজেন্টে সামগ্ৰী সমূহ সংগ্ৰহ কৰে ৷

এই প্ৰবঞ্চক দলটোয়ে সামগ্ৰী ক্ৰয় কৰে ঠিকেই কিন্তু ই এম আই ভিত্তিত আদায় দিয়া সামগ্ৰীৰ বিপৰিতে সময়ত ধন আদায় নিদিষ্ট কোম্পানীয়ে কৰিব নোৱাৰে ৷ কিয়নো সমগ্ৰ তথ্য ভূৱাকৈ দাখিল কৰি এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ চক্ৰটোয়ে সামগ্ৰী আদায় কৰে ৷

শনিবাৰে নিশা নগাঁও চহৰত থকা এটা কুৰিয়াৰৰ পৰা ৩ টা ফ্ৰীজ , ৩ টা মোবাইল , ১ টা এ চি নিবলৈ আহি আবু চালমান হয়বৰগাঁও টাউন আৰক্ষী চকীৰ বিষয়া তৰঙ্গ পাটোৱাৰীৰ জালত পৰে ৷ আৰক্ষীয়ে ফ্ৰীজ , এ চি , মোবাইল সমূহ জব্দ কৰাৰ লগতে এ এছ ০৪ ৱাই ৯১৯৯ নম্বৰৰ এখন গাড়ীৰ লগতে বহু সংখ্যক আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে ৷ গ্ৰেপ্তাৰ কৰা আবু চালমানে আৰক্ষীক এই প্ৰবঞ্চনাৰ সন্দৰ্ভত বহু বিষ্ফোৰক তথ্য সদৰি কৰিছে বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক: যোৰাবাটত অবৈধ চুপাৰী সহ এখন বাহন জব্দ,আটক দুজন

nagaon assam Assam police