/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/9432a55a-87c0-4133-a9d4-d354ea97d9b2/AP_FOR_WEB_onion.jpg)
ডিজিটেল ডেস্কঃ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে ৰাজ্যবাসীক। শেহতীয়াকৈ বৃদ্ধি হোৱা পিয়াজৰ মূল্যই জুৰুলা কৰিছে জনতাক। গুৱাহাটী মহানগৰীত পিয়াজৰ মূল্য প্ৰায় ৮০ টকা হৈছেগৈ।
ইয়াৰ মাজতে গুৱাহাটীবাসীক সকাহ দিয়াৰ লক্ষ্যৰে চৰকাৰে লৈছে বিশেষ ব্যৱস্থা।ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন অফ ইণ্ডিয়া লিমিটেড (নাফেড)য়ে ৰাজসাহায্যপ্ৰাপ্ত হাৰত পিয়াজ বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/e045861a-3f2a-40ce-abae-077360b2a100/F9yCeNkWAAA_skz.jpg)
ইয়াৰ উপৰিও খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা (এফপিডি এণ্ড চিএ)ৰ বিষয়াসকলে বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত পিয়াজৰ মূল্য নিৰীক্ষণ কৰি আছে।
জাননী অনুসৰি, এফপিডি এণ্ড চিএৰ উপ-সঞ্চালকে এনএএফইডিৰ শাখা প্ৰৱন্ধকক চহৰখনৰ ১২ টা বিতৰণ কেন্দ্ৰত প্ৰতি দিনে পুৱা (ৰাতিপুৱা ৮ বজাৰ পৰা ১০ বজালৈ) আৰু সন্ধিয়া (আবেলি ৪ বজাত) চৰকাৰী নিৰ্ধাৰিত মূল্যত পিয়াজ বিক্ৰী কৰাৰ নিৰ্দেশ দিছে। ৩১ অক্টোবৰৰ পৰা আৰম্ভ হৈছে পিয়াজ বিক্ৰীৰ এই ব্যৱস্থা।
ঠাই সমূহ হ'ল- ছয় মাইল(আইডিবিআই বেংকৰ সমীপত), বশিষ্ঠ বজাৰ, বেলতলা বজাৰ, গনেশগুৰি(পেট্ৰল পাম্প আৰু ফ্লাইঅভাৰৰ মাজত), দিছপুৰ লাষ্টগেট(জিএমচি অফিচৰ সমীপত), উলুবাৰী বজাৰ, উজান বজাৰ, চান্দমাৰী বজাৰ, পাণ্ডু বজাৰ, মালিগাঁও বজাৰ(আৰক্ষী থানাৰ সমীপত), নুনমাটী বজাৰ আৰু হেঙেৰাবাৰী (পিএইচইৰ সমীপত)
উল্লেখ্য যে কেৱল অসমতে নহয়, দেশৰ বিভিন্ন প্ৰান্তত পিয়াজৰ মূল্য যথেষ্ঠ বৃদ্ধি পাইছে। পিয়াজৰ মূল্য প্ৰতি কুইন্টালত ১,৫০০ টকালৈকে বৃদ্ধি হৈছে। ডিচেম্বৰলৈকে মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই।
Also Read: প্ৰধানমন্ত্ৰীৰ পদত্যাগৰ দাবীঃ আৰক্ষীৰে সংঘৰ্ষত ৪ বি এন পি সদস্যৰ মৃত্যু