/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/204c9923-f1b4-4c65-81b8-623778e63c9c/bekajan.jpg)
বেকাজান
ডিজিটেল সংবাদ, বেকাজানঃ নাগালেণ্ড আৰু অসম চৰকাৰৰ মাজত বিবাদিত এলেকা বেল্ট (ডি এ বি)ত যৌথভাৱে তেল অন্বেষণৰ সম্ভাৱনীয়তা উলিয়াবলৈ আলোচনা আৰু বুজাবুজি চলি থকাৰ সময়তে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৰ বেকাজানৰ চেনিজানত অ 'এন জি চিৰ ভূকম্পন জৰীপ এটা দলক বুধবাৰে বাধা দিয়া বাবে আৰক্ষীয়ে ধৰি লৈ যোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।
জানিব পৰামতে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত অ' এন জি চিৰ খাৰুৱা তেলৰ অন্বেষণৰ কৰা ভূকম্পন জৰীপ দলক বৰহোলা থানাৰ অন্তৰ্গত বেকাজানৰ চেনিজান সমীপৰ নগা পাহাৰৰ দাঁতিত জৰীপ চলোৱাত বাধা দিয়াৰ বাবে ৯ জন লোকক গ্ৰেপ্তাৰ কৰি লৈ যায় ।
ভূকম্পন জৰীপ চলোৱা ঠাইডোখৰ নাগালেণ্ডৰ ৱাখা জিলাৰ ভাণ্ডাৰী মহকুমাৰ লুংচিৰি গাঁৱৰ বুলি দাবী কৰি অ’এনজিচিয়ে জৰীপ চলোৱাৰ খবৰ পোৱাৰ লগে লগে গাঁও পৰিষদ আৰু গাঁওবাসীয়ে সেই স্থানলৈ আহি কাম-কাজ বন্ধ কৰি দিয়ে ।
জানিব পৰা অনুসৰি চেনিজান গাঁৱৰ সৈতে লাগি থকা বিবাদিত এলেকাৰ প্ৰায় কেইবাশ মাটি নগা গাঁওবাসী খুঁটি পুতি সীমা স্পষ্ট কৰি দিয়ে । ইয়াৰ পাছতে ভাণ্ডাৰী প্ৰশাসন আৰু চাংপাং আৰক্ষীক খবৰ দিয়ে ।
পিছত অ’এনজিচিৰ কৰ্মচাৰী বুলি দাবী কৰা ৯ জন ব্যক্তিক নগা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জিম্মাত ৰাখে । এই ঘটনাৰ সন্দৰ্ভত লুংচিৰি গাঁৱৰ গাওঁবুঢ়া মহনথুং কিথানে কয় যে কলকাতাৰ পৰা খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে অহা এদল লোকে অ’এনজিচিৰ বুলি দাবী কৰি ২৫ এপ্ৰিলত লুংচিৰি গাঁৱলৈ আহিছিল ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/7e6e64f4-6ef6-40fd-b318-b347962902e6/54ffd443_e2a7_4314_8a9f_89021163c3e8.jpg)
কলকাতাৰ পৰা অহা এই দলটোৰ হাতত খাৰুৱা তেল অন্বেষণৰ কোনো অনুজ্ঞাপত্ৰও নাছিল । তদুপৰি নাগালেণ্ড চৰকাৰৰ কোনো অনুজ্ঞাপত্ৰ নথকাৰ বাবে ভিলেজ কাউন্সিল আৰু মাটিৰ মালিকসকলে গোটটোক নিজৰ কাম-কাজ চলাবলৈ অনুমতি নিদিলে । পৰিষদৰ নিৰ্দেশৰ পিছতো দলটোৱে যন্ত্ৰপাতি আনি লুংচিৰি গাঁৱত শিবিৰ পাতি নিজৰ কাম-কাজ সম্পন্ন কৰিবলৈ আৰম্ভ কৰাত পৰিষদে চাংপাং আৰক্ষী থানাত খবৰ দিয়ে ।
ঘটনাস্থলিত চাংপাং আৰক্ষী উপস্থিত হৈ কৰ্মচাৰীসকলক তেওঁলোকৰ যন্ত্ৰপাতিসহ থানালৈ লৈ যোৱা হয় । পিছত কৰ্মচাৰী কেইজনক ভাণ্ডাৰী সদৰ থানালৈ লৈ যায় । ইফালে বিবাদমান এলেকাত জৰীপ নচলাবলৈ অ’এনজিচিৰ কৰ্মচাৰীসকলক ভিলেজ পৰিষদে জনাইছিল ।
কিন্তু তৎস্বতেও ড্ৰিলিঙৰ বাবে নিৰ্ধাৰিত অঞ্চলত কাম আৰম্ভ কৰিবলৈ পঠিয়াইছিল । নগা গাঁওবাসীয়ে অ’এনজিচিয়ে নাগালেণ্ড চৰকাৰৰ অনুমতি অবিহনে খাৰুৱা তেল তেল অন্বেষণৰ জৰীপ চলাবলৈ আহি নগা আৰু অসমীয়া জনগোষ্ঠীৰ মাজত মতানৈক্য সৃষ্টি নকৰিবলৈ সকীয়নি দিছে ।
ইফালে এই ঘটনাক লৈ ভাণ্ডাৰী সমষ্টিৰ বিধায়ক আচুম্বেমো কিকনে কয় যে বহু বছৰ ধৰি অ’এনজিচিয়ে সীমান্তত অবৈধ কাৰ্যকলাপ চলাই আহিছে অসম নাগালেণ্ডৰ মাজত এতিয়ালৈকে কোনো স্থায়ী সীমা সমাধান হোৱা নাই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/c6b3e2d0-6689-4408-a6bb-17ef2d77e72d/03aaf115_f660_4deb_8636_e4dbb09e40f6.jpg)
কিকনে কয় যে স্থায়ী সমস্যা সমাধান আৰু নগা ৰাইজৰ অনুমতি অবিহনে অ’এনজিচিয়ে এনে কামত লিপ্ত হ’ব নালাগে আৰু জৰীপ কাৰ্য তৎক্ষণাত বন্ধ কৰিব লাগে।
ইফালে, ২৫ এপ্ৰিলত নাগালেণ্ড চৰকাৰৰ অজ্ঞাতে ৱাখা জিলাৰ অন্তৰ্গত লুংচিৰি গাঁৱত তেল অনুপ্ৰৱেশ আৰু অন্বেষণৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা ৯ জন ব্যক্তিক ইতিমধ্যে এডিচি ভাণ্ডাৰীয়ে কালি জামিনত মুকলি কৰি দিয়ে।
উল্লেখযোগ্য যোৱা ২০ এপ্ৰিলত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম নাগালেণ্ড সীমান্তৰ বিবদমান A B C E চেক্টৰত যৌথভাৱে খাৰুৱা তেল অন্বেষণ আৰু উৎপাদনৰ বাবে এক বুজাবুজি চুক্তিত উপনিত হৈছিল ।
কিন্তু চুক্তিৰ মাত্ৰ ছয় দিনতে ভিতৰতে এনেদৰে নগাই অসমৰ সীমাত অ' এন জি চিৰ খাৰুৱা তেল জৰীপ বাধা প্ৰদান কৰা কাৰ্যই হিমন্ত বিশ্ব শৰ্মা আৰু নেইফিউ ৰিঅৰ চুক্তিক অসাৰ প্ৰতিপন্ন কৰিছে ।
উল্লেখযোগ্য যে দাবী কৰা ৰয়েলটি মানি নোলোৱাৰ বাবে বৰহোলাৰ শিলডুবিৰ সমীপৰ চাংপাঙৰ তৈল খাদসমূহ নগা বিদ্ৰোহী সংগঠন আৰু গাঁওবাসীয়ে ১৯৯৪ চনৰ পৰা বন্ধ কৰি ৰাখিছে । তেতিয়াৰ পৰাই নাগালেণ্ডত অ' এন জি চিৰ খাৰুৱা তেলৰ উৎপাদন বন্ধ হৈ আছে ।
ইফালে নাগালেণ্ড আৰু অসমে যৌথভাৱে খাৰুৱা তেলৰ উত্তোলনৰ বাবে কৰা বুজাবুজিক চুক্তিত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে নাগা নেচনেল পলিটিকেল গ্ৰুপে ।
সাতটা বিদ্ৰোহী গোটৰ উমৈহতীয়া ৰাজনৈতিক মঞ্চ এনএনজিপিয়ে অসমৰ সৈতে খাৰুৱা তেল উৎপাদনৰ স্বাক্ষৰিত যিকোনো ধৰণৰ বুজাবুজিৰ চুক্তিপত্ৰ প্ৰত্যাহাৰ কৰিবলৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ক দাবী জনাইছে।
নাগা নেচনেল পলিটিকেল গ্ৰুপৰ ৱৰ্কিং কমিটীয়ে নেইফিউ ৰিঅৰ চৰকাৰক এই বুলি সকীয়াই দিছে যে এই নগা জাতিৰ গুৰুত্বপূৰ্ণ সন্ধিক্ষণত অসম চৰকাৰৰ সৈতে হোৱা এনে বুজাবুজি চুক্তি মানি নলয় ।